মুখ্যপৃষ্ঠা » খবৰ

» অসম

»জীৱনৰ বিয়লি বেলাত নিঃসহায়সকলক আশ্ৰয় দিয়াৰ লক্ষ্য! সোণাপুৰত চৰকাৰী বৃদ্ধাশ্ৰম মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

জীৱনৰ বিয়লি বেলাত নিঃসহায়সকলক আশ্ৰয় দিয়াৰ লক্ষ্য! সোণাপুৰত চৰকাৰী বৃদ্ধাশ্ৰম মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:August 20, 2021, 5:32 PM IST
জীৱনৰ বিয়লি বেলাত নিঃসহায়সকলক আশ্ৰয় দিয়াৰ লক্ষ্য! সোণাপুৰত চৰকাৰী বৃদ্ধাশ্ৰম মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
তিনি কোটি পাঁচ লাখ টকা ব্যয়সাপেক্ষে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা চৰকাৰী বৃদ্ধাশ্ৰমখনত বৃদ্ধ আৱাসৰ লগতে অন্যান্য বিভিন্ন সা–সুবিধা উপলদ্ধ আছে।

তিনি কোটি পাঁচ লাখ টকা ব্যয়সাপেক্ষে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা চৰকাৰী বৃদ্ধাশ্ৰমখনত বৃদ্ধ আৱাসৰ লগতে অন্যান্য বিভিন্ন সা–সুবিধা উপলদ্ধ আছে।

  • Share this:
কামৰূপ মেট্ৰো জিলাৰ সোণাপুৰত চৰকাৰী বৃদ্ধাশ্ৰম শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগৰ সপোনৰ এই চৰকাৰী বৃদ্ধাশ্ৰমখন মুকলি কৰি আবেগিক হৈ পৰে মুখ্যমন্ত্ৰী আৰু সমাজ কল্যাণ মন্ত্ৰী। বিজেপি মিত্ৰজোটৰ চৰকাৰখনে এশটা দিন সম্পূৰ্ণ কৰাৰ সময়তে সমাজ কল্যাণ বিভাগে সোণাপুৰত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা চৰকাৰী বৃদ্ধাশ্ৰমখন আজি মুকলি কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

জীৱনৰ বিয়লি বেলাত নিঃসহায় হোৱা বৃদ্ধ-বৃদ্ধাৰ বাবে চৰকাৰে এই বিশেষ পদক্ষেপ লোৱাৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তিনি কোটি পাঁচ লাখ টকা ব্যয়সাপেক্ষে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা চৰকাৰী বৃদ্ধাশ্ৰমখনত বৃদ্ধ আৱাসৰ লগতে অন্যান্য বিভিন্ন সা–সুবিধা উপলদ্ধ আছে।

ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এটা ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 14567 শুকুৰবাৰে সোণাপুৰৰ অনুষ্ঠানতে মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জীৱনৰ শেষক্ষণত নিজ পৰিয়ালৰ পৰা অৱহেলিত হৈ অন্ন–বস্ত্ৰ–বাসস্থানৰ বাবে হাবাথুৰি খোৱা লোকসকলৰ বাবে ৰাজ্য চৰকাৰে লোৱা এই বিশেষ পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে। সোণাপুৰৰ ডিগাৰুত "সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰম" নামেৰে নামকৰণ কৰা এই বৃদ্ধাশ্ৰমখনত থাকিবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰিছে আইতাসকল।

উল্লেখ্য যে প্ৰথম পৰ্যায়ত ৬০ গৰাকীকৈ নিৰাশ্ৰয় বৃদ্ধ-বৃদ্ধা ৰাখিব পৰাকৈ কোঠাসমূহ নিৰ্মাণ কৰিছে ৰাজ্য চৰকাৰে। এই চৰকাৰী বৃদ্ধাশ্ৰমখনত আছে আহাৰ গ্ৰহণৰ বাবে বিশাল সুকীয়া কক্ষ, খোজ কাঢ়িব পৰা খেলপথাৰৰ লগতে অৱসৰ বিনোদনৰো সুবিধা। শুকুৰবাৰে মুকলি কৰা এই চৰকাৰী বৃদ্ধাশ্ৰমখন পৰিচালনাৰ বাবে বিভাগে দায়িত্ব অৰ্পণ কৰিছে মনালিছা ছ’চাইটীৰ অন্তৰ্গত মাডাৰ অ’ল্ড এজ হোম কৰ্তৃপক্ষক।

ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে এই কাৰ্যসূচীতেই ৰাজ্যজুৰি নিৰ্মাণ হ'বলগীয়া মডেল অংগনবাড়ী কেন্দ্ৰৰো প্ৰতিকী আধাৰশিলা মুকলি কৰে। অনুষ্ঠানত সাংসদ কুইন ওজা, দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আৰু পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে।
Published by: Sanjay Kumar Das
First published: August 20, 2021, 5:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি