• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma : মাজুলীৰ পৰা উভতিয়েই ব্যস্ত হৈ পৰিল মুখ্যমন্ত্ৰী, ভূটানৰ কনছুলেট জেনেৰেলৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰ

CM Himanta Biswa Sarma : মাজুলীৰ পৰা উভতিয়েই ব্যস্ত হৈ পৰিল মুখ্যমন্ত্ৰী, ভূটানৰ কনছুলেট জেনেৰেলৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰ

CM Himanta Biswa Sarma : মাজুলীৰ পৰা ৰাজধানী দিছপুৰলৈ উভটিল মুখ্যমন্ত্ৰী

CM Himanta Biswa Sarma : মাজুলীৰ পৰা ৰাজধানী দিছপুৰলৈ উভটিল মুখ্যমন্ত্ৰী

CM Himanta Biswa Sarma : মাজুলীৰ পৰা ৰাজধানী দিছপুৰলৈ উভটিল মুখ্যমন্ত্ৰী

  • Share this:
ৰাস পূৰ্ণিমাৰ দিনটোত মাজুলীত এটা দিন আৰু এটা নিশা কটাই ৰাজধানী দিছপুৰলৈ উভতি আহিল মুখ্যমন্ত্ৰী Himanta Biswa Sarma ৷ উভতি আহিয়েই বিভিন্ন চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰী ড° শৰ্মাই ভূটানৰ কনছুলেট জেনেৰেল (The consulate general of Bhutan in Guwahati) ফুব শ্বেৰিঙৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎকাৰত মিলিত হয়৷

এই সাক্ষাৎকালত অসম আৰু ভূটানৰ মাজৰ পাৰস্পৰিক স্বাৰ্থজনিত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে ৷ দুয়োটা ভৌগোলিক অঞ্চলৰ উন্নয়নমূলক কাৰ্য ব্যৱস্থাসমূহ অটুট ৰাখি এই সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ দুয়োজন প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই মন্তব্য কৰে ৷
Published by:Manjumoni Borah
First published: