Mama-Bhagin Dinner: "মাজুলীৰ আউনীআটী আৰু দক্ষিণপাট সত্রৰ ৪৭টি শিশু বৈষ্ণৱৰ সৈতে নৈশ আহাৰ গ্রহণ কৰি পৰম আহ্লাদিত অনুভৱ কৰিছোঁ" বুলি মিজৰ আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
Mama-Bhagin Dinner: "মাজুলীৰ আউনীআটী আৰু দক্ষিণপাট সত্রৰ ৪৭টি শিশু বৈষ্ণৱৰ সৈতে নৈশ আহাৰ গ্রহণ কৰি পৰম আহ্লাদিত অনুভৱ কৰিছোঁ" বুলি মিজৰ আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে নৈশ ভোজন গ্ৰহণ কৰিলে ৪৭গৰাকী ভাগিনে। মাজুলীৰ পৰা অহা এই কিশোৰকেইজনৰ সৈতে নিশৰ আহাৰ গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰিল মুখ্যমন্ত্ৰীও। ১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই গুৱাহাটীলৈ আহি হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক জন্মদিনৰ ওলগ জনাইছিল মাজুলীৰ এই ৪৭ বৈষ্ণৱ ভাগিনে। আজি দিনটো গুৱাহাটীৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰাৰ পিছত নিশা মুখ্যমন্ত্ৰীৰ সৈতে ভোজন কৰে আটাইকেইজনে।
মাজুলীৰ ভাগিনসকলৰ সৈতে নিশাৰ গ্ৰহণ কৰাৰ এই আপুৰুগীয়া মহূৰ্তৰ ছবি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীয়ে। "মাজুলীৰ আউনীআটী আৰু দক্ষিণপাট সত্রৰ ৪৭টি শিশু বৈষ্ণৱৰ সৈতে নৈশ আহাৰ গ্রহণ কৰি পৰম আহ্লাদিত অনুভৱ কৰিছোঁ" বুলি মিজৰ আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|