• Home
  • »
  • News
  • »
  • assam
  • »
  • Aid to Bihu Committees: বিহুত পাৱাৰ লুমৰ গামোচা কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব, ১২৬২ খন বিহু সমিতিক আৰ্থিক সাহায্য প্ৰদান কৰি এই ঘোষণা মুখ্যমন্ত্ৰীৰ

Aid to Bihu Committees: বিহুত পাৱাৰ লুমৰ গামোচা কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব, ১২৬২ খন বিহু সমিতিক আৰ্থিক সাহায্য প্ৰদান কৰি এই ঘোষণা মুখ্যমন্ত্ৰীৰ

Aid to Bihu Committees: বিহু পতাৰ এমাহ আগৰ পৰা এটা হুচৰি দল গঠনৰ লগতে প্ৰতিখন বিহু সন্মিলনীত এটাকৈ বিহু দল গঠনৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। 

  • Share this:
আজি ৰাজ্যৰ ১২৬২ খন বিহু সমিতিক আৰ্থিক সাহায্য প্ৰদান কৰিলে ৰাজ্য চৰকাৰে। ১০ বছৰ ধৰি সাত বিহুৰ ভিতৰতে ৰঙালী বিহু উদ্‌যাপন কৰা বিহু সন্মিলনীসমূহক ডেৰ লাখ টকাকৈ অৰ্থ সাহায্য প্ৰদান কৰিলে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ্থিক বৰঙণিৰ চেক প্ৰদান কৰে বিহু সমতিসমূহক।

ভূপেন হাজৰিকাৰ গীতেৰে ভাষণ আৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "বিহুৰ সমিতিসমূহে অতিথি আপ্যায়নত লাড়ু-পিঠা ব্যৱহাৰ কৰিব লাগিব। বিহুত পাৱাৰ লুমৰ গামোছা কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব।"

মুখ্যমন্ত্ৰীয়ে আকৌ কয়, "অসমত ১০/১২ হাজাৰৰো অধিক বিহু কমিটিয়ে গোটেই মাহ জুৰি ৰঙালী বিহু উদযাপন কৰে। "

বিহু পতাৰ এমাহ আগৰ পৰা এটা হুচৰি দল গঠনৰ লগতে প্ৰতিখন বিহু সন্মিলনীত এটাকৈ বিহু দল গঠনৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

আনহাতে মন্ত্ৰী বিমল বড়াই সাত বিহুৰ ভিতৰতে বিহু উদ্‌যাপন কৰিবলৈ সকলোকে আহ্বান জনায়।

উল্লেখ্য যে আজিৰ অনুষ্ঠআনত গুৱাহাটী বিহু সন্মিলনী, পূব গুৱাহাটী বিহু সন্মিলনী, চান্দমাৰী, পশ্চিম গুৱাহাটী বিহু সন্মিলনী,  বাইহাটাটা চাৰিআলি কেন্দ্ৰীয় বিহু সন্মিলনী, ভূৰাপাৰা ৰঙালী বিহু উদ্‌যাপন সমিতিয়ে মুখ্যমন্ত্ৰীৰ পৰা গ্ৰহণ কৰিলে চেক।
Published by:Manjumoni Borah
First published: