Magh Bihu At CM's Residence : মুখ্যমন্ত্ৰীৰ ঘৰত অতিথি ৰূপে আছিল ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতা আৰু বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা। Magh Bihu At CM's Residence : মুখ্যমন্ত্ৰীৰ ঘৰত অতিথি ৰূপে আছিল ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতা আৰু বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা। ভোগৰ উৎসৱ ভোগালী বিহুত সমগ্ৰ ৰাজ্যবাসীয়ে আনন্দ উলাহৰ মাজেৰে পালন কৰিলে। পিছ পৰি নাথাকিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ পৰিয়ালো। উৰুকাৰ ভোজ ভাতৰ লগতে বিহুৰ সময়ত আত্মীয়-স্বজন, ইষ্ট-কুটুম্ব আৰু বন্ধু-বৰ্গক নিজ ঘৰলৈ নিমন্ত্ৰণ কৰি একেলগে এসাজ খোৱাৰ পৰম্পৰাও চলি আছে। এই পৰম্পৰা ৰক্ষা কৰিয়েই মুখ্যমন্ত্ৰীয়ে নিজ বাসগৃহলৈ নিমন্ত্ৰণ জনাই দোমাহিৰ দিনা অতিথি আপ্যায়ন কৰে। মুখ্যমন্ত্ৰীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এই ফটো।
মুখ্যমন্ত্ৰীৰ ঘৰত অতিথি ৰূপে আছিল ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতা আৰু বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা।
ফটোত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা (Riniki Bhuyan Sarma)ই নিজ হাতে অতিথিক আপ্যায়ন কৰা দেখা গৈছে। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা নিজে এগৰাকী উদ্যোগী মহিলা আৰু বিভিন্ন সামাজিক কামৰ সৈতে জড়িত।
তিনিওগৰাকী নেতাই আতিথ্য ৰক্ষা কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Manjumoni Borah
First published: January 15, 2022, 13:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|