உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰিক হিংসা, MNDP আৰু SNBC হোষ্টেলৰ মাজত সংঘাত

    কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰিক হিংসা, MNDP আৰু SNBC হোষ্টেলৰ মাজত সংঘাত

    বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আছিল। তাৰ পিছতে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা।

    বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আছিল। তাৰ পিছতে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা।

    বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আছিল। তাৰ পিছতে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা।

    • Share this:
    কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰিক হিংসা। নিশা MNDP আৰু SNBC হোষ্টেলৰ মাজত সংঘাত। বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আছিল। তাৰ পিছতে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা। উল্লেখযোগ্য যে এই নিৰ্বাচনত সাধাৰণ সম্পাদক পদত জয়লাভ কৰিছিল এছএমএছএছ সমৰ্থিত প্ৰাৰ্থী অভিষেক মহন্তই। বহুকেইটা গুৰুত্বপূৰ্ণ পদত জয়লাভ কৰে ছাত্ৰ মুক্তিৰ সমৰ্থিত প্ৰাৰ্থীয়ে। সভাপতি পদত জয়লাভ কৰিছিল নিয়ৰ ডেকাই। নিশা দুয়োটা হোষ্টেল আবাসীৰ মাজত সংঘটিত সংঘাতৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

    ইফালে, MNDP হোষ্টেলৰ বিৰুদ্ধে প্ৰথমে আক্ৰমণৰ অভিযোগ SNBC হোষ্টেলৰ আবাসীৰ।
    নিৰ্বাচনত জয়ী হোৱাৰ পাৰ্টীত মচগুল হৈ MNDP হোষ্টেলে প্ৰথমে SNBC হোষ্টেললৈ শিলগুটি মৰাৰ অভিযোগ। আক্ৰমণত আহত SNBC হোষ্টেলৰ ১৩–১৪ জন ছাত্ৰ। পূৰ্ব পৰিকল্পিতভাৱে MNDPয়ে আক্ৰমণৰ কৰাৰ অভিযোগ SNBC হোষ্টেলৰ আবাসীৰ। আৰক্ষীয়েও SNBCৰ বহু ছাত্ৰক আক্ৰমণ কৰাৰ অভিযোগ।

    এই ঘটনাক লৈ কটনৰ সাধাৰণ সম্পাদকে কয়, ‘‘নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ বেদনা সহ্য কৰিব নোৱাৰি আমাৰ হোষ্টেলৰ ওপৰত আক্ৰমণ কৰিলে SNBC হোষ্টেলে। আমি নিশা হোষ্টেলৰ বাহিৰত নিৰ্বাচনত জয়ী হোৱাৰ পাৰ্টী কৰি আছিলো। হঠাৎ আমাৰ হোষ্টেললৈ শিল,ইটা দলিয়ালে SNBCৰ পৰা। আমাৰ ২০জন মান আৱাসী আঘাতপ্ৰাপ্ত হৈছে। আমাৰ হোষ্টেলৰ পৰা আক্ৰমণ কৰা হোৱা নাই প্ৰথমে। আমি নিৰ্বাচনত জয়ী হৈছো, গতিকে আমি SNBC হোষ্টেলক অশ্লীল গালি–গালাজ দিবলগীয়া কথা নাহেই। অসম ছাত্ৰ পৰিষদৰ দুজন নেতাৰ নেতৃত্বতে হৈছে এই আক্ৰমণৰ ঘটনা। আক্ৰমণৰ সময়ত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত SNBC হোষ্টেলতে আছিল অসম ছাত্ৰ পৰিষদৰ ত্ৰিনয়ন বৰুৱা আৰু এজন নেতা।’’
    Published by:Sanjay Kumar Das
    First published: