জুবিন গাৰ্গৰ সৈতে মহানগৰীৰ ৰাজপথত অশালীন আচৰণ কৰি, আক্ৰমণ কৰাৰ অভিযুক্ত ৪উদণ্ডৰ জামিন লাভ। ডাঃ অৰূপজ্যোতি তালুকদাৰ, হীৰকজ্যোতি ৰাজবংশী, দিশান ভাগৱতী আৰু গীতাৰ্থ ডেকাৰ জামিন লাভ।
জুবিন গাৰ্গক অশালীন আচৰণ কৰি পলাই আছিল চাৰিওগৰাকী অভিযুক্ত। NSUIৰ নেতাকেইজনৰ জামিন মঞ্জুৰ কৰিছে গুৱাহাটী CJM আদালতে।
দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১৪৩/১৮৮/২৬৯/২৭০/৩৪১/২৯৪/৫০০/৫০৬ ধাৰাত জুবিনৰ এজাহাৰৰ ভিত্তিত ৰুজু হৈছিল গোচৰ।
প্ৰতিজন অভিযুক্তই ১০,০০০ টকা বণ্ডৰ বিনিময়ত জামিন লাভ কৰে। ৫ দিনৰ ভিতৰত অভিযুক্তকেইজনক দিছপুৰ থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে আদালতে
FIRST PUBLISHED : August 17, 2020, 19:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|