গুৱাহাটীৰ অনুৰাধা ছবিগৃহ চৌহদত কৰ্মচাৰীৰ প্ৰতিবাদ।
গুৱাহাটীৰ অনুৰাধা ছবিগৃহ চৌহদত কৰ্মচাৰীৰ প্ৰতিবাদ।
ৰাজ্যজুৰি ছবিঘৰ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। নতুন SOP অনুসৰি সকলো শিথিল কৰাৰ বিপৰীতে বৰ্তমানেও চৰকাৰে বন্ধ ৰাখিছে অসমৰ ছবিগৃহসমূহ। ছবিগৃহসমূহ বন্ধ হৈ থকাৰ প্ৰতিবাদত দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি ছবিগৃহ কৰ্মচাৰী সকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
গুৱাহাটীৰ অনুৰাধা ছবিগৃহ চৌহদত কৰ্মচাৰীৰ প্ৰতিবাদ। ঠিক একেদৰে তেজপুৰত আনোৱাৰ ছবিগৃহ, যোৰহাটত স্মৃতি গোপাল ছবিগৃহ, লখিমপুৰত বিশ্ব টকীজ ছবিগৃহ, শিৱসাগৰত ভাস্কৰজ্যোতি ছবিগৃহ, তিনিচুকীয়াত ৰংঘৰ ছবিগৃহ আৰু বঙাইগাঁও জলি মেক্স ছবিগৃহৰ চৌহদতো প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। চৰকাৰে নতুন এছঅ’পি জাৰি কৰি ছবিগৃহসমূহ খোলাৰ অনুমতি প্ৰদান কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|