অসম চৰকাৰে “মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি" নামেৰে এখন নতুন আঁচনি প্ৰৱৰ্তন কৰিছে । সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সচিবালয়ে এই আঁচনিখন ৰূপায়ণৰ বাবে নীতি-নিদের্শনা জাৰি কৰিছে । সেই অনুসৰি আঁচনিখনৰ বাবে বছৰেকীয়া ৰাজ্যিক বাজেটৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ বাবে নিৰ্ধাৰিত মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰী অৱস্থাৰ অধীনত থকা পুঁজি ব্যৱহাৰ কৰা হ'ব ।
আঁচনিখনৰ মূল উদ্দেশ্য হ’ল জৰুৰী অৱস্থাত ক্ষীপ্রতাৰে জনসাধাৰণৰ বাবে আর্থিক সাহায্য আগবঢ়োৱা । এই উদ্দেশ্যৰে আঁচনিখনৰ বাবে নিৰ্ধাৰিত পুঁজি বিত্ত বিভাগৰ অনুমতি সাপেক্ষে ৰাজহুৱা খণ্ডৰ বেংকত চেভিং একাউণ্টত ৰখা হ'ব । এই একাউণ্ট অসমৰ মুখ্যমন্ত্ৰীয়ে তদাৰক কৰিব আৰু ইয়াৰ পৰা লাভ কৰা সুত বিত্তীয় বৰ্ষটোৰ শেষত চৰকাৰী ৰাজকোষত প্ৰদান কৰা হ'ব ।
আঁচনিখনৰ অধীনত থকা পুঁজি নিয়মীয়া বাজেটে সামৰি নোলোৱা প্ৰাকৃতিক দুর্যোগ, সংঘর্ষ তথা দুর্ঘটনাগ্রস্ত লোকক আর্থিক সাহায্য প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হ'ব । তদুপৰি জনসাধাৰণৰ বাবে অসাধাৰণৰ সেৱা আগবঢ়োৱা লোক, ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা ক্রীড়া, সংস্কৃতি তথা শৈক্ষিক জগতৰ সৈতে জড়িত লোকলৈও এই পুঁজিৰ পৰা আর্থিক সাহায্য আগবঢ়োৱা হ’ব ।
লগতে নিয়মীয়া চৰকাৰী আঁচনিয়ে সামৰি নোলোৱা ৰাজ্যখনৰ বিভিন্ন অনুষ্ঠানলৈ কর্মশালা, আলোচনা চক্র তথা উৎসৱ আদি অনুষ্ঠিত কৰিবলৈও সাহায্য আগবঢ়োৱা হ'ব । লগতে সামাজিক, সাংস্কৃতিক তথা শৈক্ষিক অনুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবেও আঁচনিখনৰ জৰিয়তে পুঁজি উপলব্ধ কৰা হ'ব ।
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰীকালীন আঁচনিখন মুখ্যমন্ত্ৰীৰ সচিবালয়ে ৰূপায়ণ কৰিব আৰু ইয়াৰ বাবে পুঁজি মুখ্যমন্ত্ৰীৰ সন্মতিমর্মে অনুমোদন জনোৱা হ'ব বুলি অধিসূচনাত উল্লেখ কৰা হৈছে ।