• Home
  • »
  • News
  • »
  • assam
  • »
  • World Environment Day : গান্ধী মণ্ডপত ৰুদ্ৰাক্ষ পুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰিলে মুখ্যমন্ত্ৰীয়ে। কচুগাঁও ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা।

World Environment Day : গান্ধী মণ্ডপত ৰুদ্ৰাক্ষ পুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰিলে মুখ্যমন্ত্ৰীয়ে। কচুগাঁও ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা।

বিটিআৰ (BTR)ৰ অধীনত থকা কচুগাঁও ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰে।

বিটিআৰ (BTR)ৰ অধীনত থকা কচুগাঁও ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰে।

বিটিআৰ (BTR)ৰ অধীনত থকা কচুগাঁও ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰে।

  • Share this:
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি গান্ধী মণ্ডপত ৰুদ্ৰাক্ষৰ পুলি ৰোপণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাৰতত পৰিৱেশ আৰু স্বচ্ছতাৰ কথা কৈ গৈছিল মহাত্মা গান্ধীয়ে। সেয়ে গান্ধী মণ্ডপত পৰিৱেশ দিৱসৰ কাৰ্যসূচীত ১১টা ৰুদ্ৰাক্ষ গছৰ পুলি ৰোপণ কৰি প্ৰতীকিভাৱে পৰিৱেশ দিৱস পালন কৰে।

এই অনুষ্ঠানতে বিটিআৰ (BTR)ৰ অধীনত থকা কচুগাঁও ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বে ৫ খন ৰাষ্ট্ৰীয় উদ্যান আছিল, এতিয়াৰ পৰা অসমত ৬ খন ৰাষ্ট্ৰীয় উদ্যান হ'ল। জৈৱ বৈচিত্ৰৰে ভৰপূৰ দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ৰূপে গঢ়ি তোলাৰ কাম চলি আছে।


বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক নতুন ৰূপে বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগ (DEPARTMENT OF SICENCE, TENCHNOLOGY AND CLIMATE CHANGE) ৰূপে ঘোষণা কৰা হয়।

আনহাতে গান্ধী মণ্ডপৰ উন্নয়নৰ বাবে নতুন নতুন সম্পদ সংযোজন হ'ব আৰু অডিঅ'- ভিজুৱেল ব্যৱস্থা নতুন কৰাৰ লক্ষ্য লৈছে চৰকাৰে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি