কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান (চিএআৰআই)ত পঞ্চকৰ্মা ব্লক আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মা উৎকৰ্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান (চিএআৰআই)ত পঞ্চকৰ্মা ব্লক আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মা উৎকৰ্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান (চিএআৰআই)ত পঞ্চকৰ্মা ব্লক আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মা উৎকৰ্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।
গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্ৰমুখ্যে সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।
উল্লেখ্য যে জালুকবাৰীস্থিত ৰাজ্যিক আয়ুৰ্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মাৰ বাবে উৎকৃষ্ট কেন্দ্ৰ এটা স্থাপন কৰা হ’ব আৰু আয়ুষ মন্ত্ৰালয়ৰ আয়ুৰ্স্বাস্থ্য যোজনাৰ অধীনত ৰাজ্যিক আয়ুৰ্বেদিক ফাৰ্মাচীও উন্নীত কৰা হ’ব। এই পদক্ষেপবোৰৰ বাবে মুঠ ব্যয় হ’ব ১০ কোটি টকা।
আনহাতে গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত নিৰ্মাণ হ’বলগীয়া পঞ্চকৰ্মা ব্লক আৰু ফাৰ্মাক’ল’জী তথা ৰসায়ন গৱেষণাগাৰৰ ভৱন দুটা ১০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব।
পঞ্চকৰ্মাৰ নতুন ভৱনসমূহে দক্ষতা বিকাশৰ বাবে বিশ্বমানৰ প্ৰশিক্ষণ পাঠ্যক্ৰম প্ৰদান কৰাত সহায় কৰিব। তদুপৰি ফাৰ্মাক’ল’জী আৰু ৰসায়ন গৱেষণাগাৰ ভৱনটোৱে প্ৰি-ক্লিনিকেল পৰীক্ষামূলক প্ৰক্ৰিয়া সম্পন্ন কৰাত, ঔষধৰ মানকৰণ নিশ্চিত কৰাত, যিকোনো ভেষজৰ বাবে ৰাসায়নিক পৰীক্ষা আৰু পশু সম্পৰ্কীয় টক্সিক’ল’জী প্ৰতিবেদন প্ৰস্তুতকৰণ আদিত সহায় কৰিব। উল্লেখযোগ্য যে এই ধৰণৰ অত্যাধুনিক সা-সুবিধাযুক্ত ই হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথম ভৱন।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে কয়, “আয়ুৰ্বেদ হৈছে শাৰীৰিক সবলীকৰণ আৰু মানসিক উৎকৰ্ষ সাধনৰ চালিকাশক্তি। আমি সৌভাগ্যৱান যে আই ধৰিত্ৰীৰ বুকুত সমৃদ্ধময় আৰু বিভিন্ন গুণসম্পন্ন ঔষধি উদ্ভিদ উপলব্ধ, যিয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ আয়ুৰ্বেদ খণ্ডত বিশাল সম্ভাৱনাৰ পথ উন্মুক্ত কৰিব পাৰে। আমাৰ আজিৰ পদক্ষেপবোৰৰ উদ্দেশ্য হৈছে আয়ুৰ্বেদৰ জৰিয়তে জনসাধাৰণৰ সুস্বাস্থ্য অটুত ৰখা আৰু শাৰীৰিক-মানসিক উৎকৰ্ষ সাধন কৰা। এই ব্যৱস্থাই বিশ্বখ্যাত পঞ্চকৰ্মা আৰু পৰম্পৰাগত ভাৰতীয় চিকিৎসা পদ্ধতিৰ সামৰ্থ্য আৰু গৌৰৱ বৃদ্ধি কৰিব বুলি আমি দৃঢ় বিশ্বাসী। অন্যান্য সুবিধাসমূহে প্ৰমাণ আধাৰিত চিকিৎসা বিজ্ঞানৰ সৈতে আয়ুৰ্বেদৰ গ্ৰহণযোগ্যতা অধিক বৃদ্ধি কৰিব। ভাৰতীয় চিকিৎসা পৰম্পৰাৰ এক বৰ্ণময় নিদৰ্শন আয়ুৰ্বেদৰ উত্থানৰ এই সুযোগ আমি গ্ৰহণ কৰিব লাগিব আৰু মানৱ সমাজৰ হিতৰ বাবে সুপ্ৰয়োগ কৰিব লাগিব।“
তদুপৰি অসমৰ গ্ৰামাঞ্চলত যুগ-যুগ ধৰি প্ৰচলিত পৰম্পৰাগত নিৰাময় ব্যৱস্থা আৰু ইয়াৰ বিজ্ঞানসন্মত প্ৰাসংগিকতাক ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে পোহৰলৈ অনাৰ বাবে পদক্ষেপ ল’বলৈ আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ শিক্ষক, শিক্ষাৰ্থী, গৱেষক আদিক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|