• Home
  • »
  • News
  • »
  • assam
  • »
  • Corruption : OSD পদ্ম হাজৰিকাৰ বিৰুদ্ধে CM VIGILENCEত গোচৰ, মীন বিভাগৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ OSD আছিল এইজন পদ্ম

Corruption : OSD পদ্ম হাজৰিকাৰ বিৰুদ্ধে CM VIGILENCEত গোচৰ, মীন বিভাগৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ OSD আছিল এইজন পদ্ম

অবৈধ নিযুক্তিৰ পৰা আৰম্ভ কৰি ধনৰ বিনিময়ত আত্মীয়-কুটুমক বিল লিজত দিয়াৰ অভিযোগ পদ্ম হাজৰিকাৰ বিৰুদ্ধে

অবৈধ নিযুক্তিৰ পৰা আৰম্ভ কৰি ধনৰ বিনিময়ত আত্মীয়-কুটুমক বিল লিজত দিয়াৰ অভিযোগ পদ্ম হাজৰিকাৰ বিৰুদ্ধে

Corruption : মীন বিভাগত অবৈধ নিযুক্তিৰ পৰা আৰম্ভ কৰি ধনৰ বিনিময়ত আত্মীয়-কুটুমক বিল লিজত দিয়াৰ অভিযোগ বিতৰ্কিত OSD পদ্ম হাজৰিকা (Padma Hazarika)ৰ বিৰুদ্ধে।

  • Share this:
মীন বিভাগ (Fishery Department)ক যেন ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে প্ৰাক্তন অধ্যক্ষ তথা বিধায়ক ৰমাকান্ত দেউৰী (Ramakanta Deori)ৰ বহু বিতৰ্কিত OSD পদ্ম হাজৰিকা (Padma Hazarika)ই ৷ নিবিদা কেলেংকাৰীৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ নিযুক্তি কেলেংকাৰীতো নাম সাঙোৰ খাই পৰিছে বিতৰ্কিত OSD পদ্ম হাজৰিকাৰ ৷ অভিযোগমতে কামপুৰ আৰু মংগলদৈত থকা হাজৰিকাৰ আত্মীয়ৰ পৰা আৰম্ভ কৰি বিধায়ক ৰমাকান্তৰ দুই কন্যাকো বিতৰ্কিত পদ্ম হাজৰিকাই মীন বিভাগত নিযুক্তি প্ৰদান কৰাৰ অভিযোগ ৷

ইমানেই নহয় ধনৰ বিনিময়ত উজনিৰ পৰা নামনিলৈ প্ৰায় ১৫০় যুৱক-যুৱতীক মীন বিভাগত চাকৰি (Job Against Cash) দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ বিজ্ঞাপনৰ অবিহনে পদ্ম হাজৰিকাই আত্মীয়-কুটুমৰ পৰা আৰম্ভ কৰি ধনৰ বিনিময়ত প্ৰায় ১৫০ যুৱক যুৱতিক চাকৰি দিয়াৰ গুৰুতৰ অভিযোগ উৎত্থাপিত হৈছে ৷ অকল ইমানেই নহয় কমিছনৰ অংকত নিজৰ ভাগিনৰ পৰা আৰম্ভ কৰি বহু অঙহি-বঙহিক ৰাজ্যৰ বহুকেইখন বিল লিজত দিয়াৰো অভিযোগ উঠিছে বিতৰ্কিত পদ্ম হাজৰিকাৰ বিৰুদ্ধে ৷

বৃহস্পতিবাৰে CM VIGILENCEত পদ্ম হাজৰিকাৰ বিৰুদ্ধে  কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ উপদেষ্টা প্ৰদীপ কলিতাই ৰুজু কৰিছে এক গোচৰ ৷ অৱসৰৰ পিছতো কমিছনৰ অংকত ৰমাকান্তৰ OSD হৈ থকা পদ্ম হাজৰিকাৰ গুৱাহটীৰ ৩টাকৈ স্থানত ঘৰ থকাৰ উপৰি নামে বেনামে অবৈধ সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছিল ৷ কিন্ত ইমানৰ পিছতে বিভাগৰ মন্ত্ৰী অথবা প্ৰাক্তন অধ্যক্ষ তথা বিধায়ক ৰমাকান্ত দেউৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ এতিয়া ভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে ৷ আশা কৰা হৈছে মীন বিভাগৰ নৱনিযুক্ত অধ্যক্ষ গুৰুজ্যোতি দাসে (Gurujyoti Das) সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ উচিত তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি