গৰুখুঁটি প্রকল্প আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ বিৰুদ্ধে ৰাজনৈতিক উদ্দেশ্যপ্রণােদিতভাৱে এক আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্র (International Conspiracy)ত লিপ্ত হৈছে একাংশ তথাকথিত বুদ্ধিজীৱী, ৰাজনৈতিক দল-সংগঠন তথা ব্যক্তি। কংগ্ৰেছী সাংসদ আব্দুল খালেক (Abdul Khalek)ৰ বক্তব্যও এই ষড়যন্ত্রৰ অংশবিশেষ। এক প্ৰেছ বিবৃতিত বিজেপি অসম প্রদেশ (Assam BJP)ৰ মুখপাত্র সুভাষ দত্তই এই অভিযোগ কৰি কয়, "গৰুখুঁটিত অসমৰ জাতীয় জীৱনৰ আৱেগ জড়িত হৈ আছে। ঐতিহাসিক অসম আন্দোলনত এই গৰুখুঁটিত কেইবাজনাে ভূমিপুত্ৰই প্রাণ আহুতি দিছিল। তেনেস্থলত এই গৰুখুঁটি (Garukhuti) উদ্ধাৰ আৰু প্রকল্প ৰূপায়ণ কৰাতাে এক জাতীয় দায়িত্ব। অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই জাতীয় দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিছে।"