সংবিধান উলংঘা কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকে (Congress MP Abdul Khalek)। মহানগৰীৰ দিশপুৰ থানা (Dispur Police Station)ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দিয়ে কংগ্ৰেছৰ সাংসদ গৰাকীয়ে। PSO ত্যাগ সম্পৰ্কতো মুখ্যমন্ত্ৰীক প্ৰত্যাহান জনায় আব্দুল খালেকে।
বুধবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ২ পৃষ্ঠা জোৰা এজাহাৰ দাখিল কৰিছে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে। আব্দুল খালেকৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই IPC 153, IPC 153 (A) ধাৰা ভংগ কৰিছে। এজাহাৰখনত উল্লেখ কৰা মতে মুখ্যমন্ত্ৰীয়ে ১০ ডিচেম্বৰত মৰিগাঁৱত সংবিধান বিৰোধী আপত্তিজনক মন্তব্য কৰিছিল। সংবিধানৰ নামত শপত খাই মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাই 'বাংলাদেশী মুছলমান" (Bangladeshi Muslim) বুলি কৈ সংখ্যালঘু লোকক উপলুঙা কৰিছে বুলি কয় আব্দুল খালেকে। ১০ ডিচেম্বৰত গৰুখুটি সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে কংগ্ৰেছৰ জ্যোষ্ঠ নেতা আব্দুল খালেকে।
PSO ত্যাগ কৰাৰ সম্পৰ্কতো মুখ্যমন্ত্ৰীয়ে মূৰ ঘমাব নালাগে বুলিও তাচ্ছিল্য কৰে সাংসদ গৰাকীয়ে। ৰাজনৈতিক নেতাক নিৰাপত্তাৰক্ষী লাগে নে নালাগে সেইটো আৰক্ষীৰ কমিটিয়ে নিৰ্ধাৰণ কৰিব, এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কিয় ৰাজনীতি কৰিছে বুলিও কটাক্ষ কৰে সাংসদ আব্দুল খালেকে। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আব্দুল খালেকে কয় যে মুখ্যমন্ত্ৰীয়ে প্ৰথমতে PSO ত্যাগ কৰি দৃষ্টান্ত দেখুৱাওক।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
সাসংদ আব্দুল খালেকে কয় যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সৎ সাহস দেখুৱাব বুলি তেও বিশ্বাসী।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|