• Home
  • »
  • News
  • »
  • assam
  • »
  • সাৱধান হওক! আপুনি ডিলাৰৰ পৰা ক্ৰয় কৰা বাহনখন সঁচাকৈয়ে নতুননে? পঢ়ক এই প্ৰতিবেদন

সাৱধান হওক! আপুনি ডিলাৰৰ পৰা ক্ৰয় কৰা বাহনখন সঁচাকৈয়ে নতুননে? পঢ়ক এই প্ৰতিবেদন

ঠগ, প্ৰৱঞ্চনাৰে ভৰিছে গুৱাহাটীৰ একাংশ ডিলাৰ প্ৰতিষ্ঠান ৷ মহানগৰীৰ খানাপাৰাৰ এটা আগশাৰীৰ গাড়ী ডিলাৰৰ প্ৰৱঞ্চনাৰ বলি হৈছে এগৰাকী গ্ৰাহক ৷ 

ঠগ, প্ৰৱঞ্চনাৰে ভৰিছে গুৱাহাটীৰ একাংশ ডিলাৰ প্ৰতিষ্ঠান ৷ মহানগৰীৰ খানাপাৰাৰ এটা আগশাৰীৰ গাড়ী ডিলাৰৰ প্ৰৱঞ্চনাৰ বলি হৈছে এগৰাকী গ্ৰাহক ৷ 

ঠগ, প্ৰৱঞ্চনাৰে ভৰিছে গুৱাহাটীৰ একাংশ ডিলাৰ প্ৰতিষ্ঠান ৷ মহানগৰীৰ খানাপাৰাৰ এটা আগশাৰীৰ গাড়ী ডিলাৰৰ প্ৰৱঞ্চনাৰ বলি হৈছে এগৰাকী গ্ৰাহক ৷ 

  • Share this:
নতুন বাহন ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? যদি ক্ৰয় কৰে তেন্তে সাৱধান হওক ৷ কিয়নো ঠগ, প্ৰৱঞ্চনাৰে ভৰিছে গুৱাহাটীৰ একাংশ ডিলাৰ প্ৰতিষ্ঠান ৷ মহানগৰীৰ খানাপাৰাৰ এটা আগশাৰীৰ গাড়ী ডিলাৰৰ প্ৰৱঞ্চনাৰ বলি হৈছে এগৰাকী গ্ৰাহক ৷

গ্ৰাহকজনৰ নাম মণ্টু বড়ো। বাহনখন ‘চেলেৰিও VXI’। গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানটোৱে গ্ৰাহকজনক নতুন বাহনৰ নামত যোগান ধৰিছে মেৰামেতি কৰা পুৰণি বাহন৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী গ্ৰাহকে দিছপুৰ থানাত ৰুজু কৰিছে গোচৰ ৷ কিয়নো ক্ষয় ক্ষতিৰে ভৰি থকা বাহনখনত নতুনকৈ ৰং লগাই বিক্ৰী কৰিছে প্ৰতিষ্ঠানটোৱে ৷ যদিও ক্ৰয় কৰা সময়ত সেয়া চকুত পৰা নাছিল গ্ৰাহকজনৰ, কিন্তু ঘৰলৈ অনাৰ পাছত সেয়া স্পষ্ট হৈ পৰে ৷



এতিয়া ভুক্তভোগী গ্ৰাহকৰ এই অভিযোগ স্বীকাৰ কৰিছে প্ৰতিষ্ঠানৰগৰাকীয়ে ৷ ঠগ , প্ৰৱঞ্চনাৰে গ্ৰাহকক পুৰণি বাহন বিক্ৰী কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে দিছপুৰ থানাত ভুক্তভোগী গ্ৰাহকে দাখিল কৰিছে গোচৰ ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷



এই ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া অৱতাৰণা হৈছে বহু প্ৰশ্নৰ। একাংশ অসত্‍ ব্যৱসায়ীক প্ৰতিষ্ঠানে নতুন গাড়ী বিক্ৰীৰ নামত গ্ৰাহকক প্ৰৱঞ্চনাৰে বিক্ৰী কৰিছে নেকি পুৰণি দুৰ্ঘটনাগ্ৰস্ত বাহন? মহানগৰীৰৰ আগশাৰীৰৰ এই গাড়ী বিক্ৰী কৰা ডিলাৰৰ বিৰুদ্ধে এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যণীয়।
Published by:Himangshu Bhuyan
First published: