মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Interdistrict Communication : 'লাইফ অৱ এ ড্ৰাইভাৰ'ৰ স্ৰষ্টা ৰপম দত্তৰ অভিযান অব্যাহত, চাওক ভিডিঅ'

Interdistrict Communication : 'লাইফ অৱ এ ড্ৰাইভাৰ'ৰ স্ৰষ্টা ৰপম দত্তৰ অভিযান অব্যাহত, চাওক ভিডিঅ'

Manjumoni Borah | News18-Assam
Updated:August 19, 2021, 11:49 PM IST
Interdistrict Communication : 'লাইফ অৱ এ ড্ৰাইভাৰ'ৰ স্ৰষ্টা ৰপম দত্তৰ অভিযান অব্যাহত, চাওক ভিডিঅ'
অসমত আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে আৰু যাত্ৰীবাহী বাছসমূহৰ চলাচলো বন্ধ হৈ আছে। অসমত অসমৰ বাছ চলা নাই কিন্তু অসমলৈ নিতৌ বহিঃৰাজ্যৰ পৰা বাছ আহি আছে গৈ আছে।

অসমত আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে আৰু যাত্ৰীবাহী বাছসমূহৰ চলাচলো বন্ধ হৈ আছে। অসমত অসমৰ বাছ চলা নাই কিন্তু অসমলৈ নিতৌ বহিঃৰাজ্যৰ পৰা বাছ আহি আছে গৈ আছে।

  • Share this:
ৰাজ্যত বলৱৎ হৈ আছে কোভিড SOP, বন্ধ হৈ আছে যাত্ৰীবাহী দিবা আৰু নৈশ বাছৰ আন্তঃজিলা যাতায়াত (Interdistrict Communication)। কিন্তু ইমানৰ পিছতো অসমত বহিঃৰাজ্যৰ পৰা অহা বাছ প্ৰবেশ কৰি গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইলৈ ধাৰাবাহিকভাৱে অহা-যোৱা কৰিয়েই আছে।

আজিও কেৰালাৰ পৰা অহা এখন বাছ ধৰা পেলাইছে নৈশ বাছ চালক তথা লেখক ৰূপম দত্ত (Rupam Dutta)ই। গুৱাহাটী পাৰ হৈ যোৰাবাটত বাছখন ধৰা পেলায় ৰূপম দত্তই। এই ভিডিঅ'টো তেওঁ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।



উল্লেখ্য যে কেইবামাহ ধৰি অসমত আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে আৰু যাত্ৰীবাহী বাছসমূহৰ চলাচলো বন্ধ হৈ আছে। অসমত অসমৰ বাছ চলা নাই কিন্তু অসমলৈ নিতৌ বহিঃৰাজ্যৰ পৰা বাছ আহি আছে গৈ আছে। উল্লেখ্য যে বুধবাৰেও বিহাৰৰ পৰা অহা এখন বাছ গুৱাহাটী ISBTৰ ওচৰত ধৰা পেলাইছিল বাছ চালক সন্থাই।

আনহাতে নতুন SOP মতে কামৰূপ মহানগৰ জিলাত অন্য জিলাৰ পৰা প্ৰবেশ নিষেধ কৰা হৈছে যদিও বহিঃৰাজ্যৰ পৰা বাছ এখনে কেনেদৰে সাত-আঠখন জিলা পাৰ হৈ কামৰূপ মহানগৰত প্ৰবেশ কৰিলে সেয়াও ৰহস্যজনক।

উল্লেখ্য যে ৰাজ্যত কোৰোণা সংক্ৰমণ দৈনিক ৫০০ৰ তললৈ আহিলে ১ ছেপ্টেম্বৰৰ পৰা বাছ চলাচলৰ অনুমতি দিয়া হ'ব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Manjumoni Borah
First published: August 19, 2021, 11:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি