• Home
  • »
  • News
  • »
  • assam
  • »
  • Interdistrict Communication : অসমত বিনা বাধাই চলি আছে বিহাৰৰ পৰা অহা বাছ, চকুৰ সন্মুখতে উলংঘা হৈছে কোভিড SOP, গুৱাহাটীত ধৰিলে বাছ মালিক সন্থাই

Interdistrict Communication : অসমত বিনা বাধাই চলি আছে বিহাৰৰ পৰা অহা বাছ, চকুৰ সন্মুখতে উলংঘা হৈছে কোভিড SOP, গুৱাহাটীত ধৰিলে বাছ মালিক সন্থাই

অসমত প্ৰায় ১৫০০ নৈশ বাছ আছে আৰু ইয়াৰ সৈতে ৬০০০ৰ অধিক পৰিয়াল জড়িত হৈ আছে। 

অসমত প্ৰায় ১৫০০ নৈশ বাছ আছে আৰু ইয়াৰ সৈতে ৬০০০ৰ অধিক পৰিয়াল জড়িত হৈ আছে। 

অসমত প্ৰায় ১৫০০ নৈশ বাছ আছে আৰু ইয়াৰ সৈতে ৬০০০ৰ অধিক পৰিয়াল জড়িত হৈ আছে। 

  • Share this:
ৰাজ্যত আন্তঃজিলা যাতায়াত (Interdistrict Communication) খুলি দিয়া হ'ল, কিন্তু ৰাজ্যৰ বাছ সেৱা আৰু নৈশ বাছ সেৱা এতিয়াও খুলি দিয়া নাই চৰকাৰে। কোৰোণাৰ (Corona) সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে আন্তঃজিলা বাছ সেৱা এতিয়াও খুলি দিয়া নাই। যাৰ ফলত সোমবাৰৰ পৰাই ৰাজ্যত ব্যাপক বিৰোধ আৰু প্ৰতিক্ৰিয়া হৈ আছে।

কিন্তু ইমানৰ পিছতো ৰাজ্যত প্ৰবেশ কৰিছে বহিঃৰাজ্যৰ পৰা অহা বাছ। বিহাৰ পৰা অহা বাছ এখন আজি গুৱাহাটীৰ ISBTত ধৰা পেলায় নৈশ বাছ মালিক সন্থাই। সন্থাৰ নেতা তথা লেখক ৰূপম দত্তই এটা ভিডিঅ' ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি উদঙাই দিছে কোৰোণা SOPৰ নামত চলি থকা ভেঁকোভাওনা।



বুধবাৰে এক সংবাদমেল আয়োজন কৰি বাছমালিকসকলে নৈশ বাছ সেৱা চলাচলৰ অনুমতি দিয়াৰ বাবে অনুৰোধ কৰিছিল। উল্লেখ্য যে অসমত প্ৰায় ১৫০০ নৈশ বাছ আছে আৰু ইয়াৰ সৈতে ৬০০০ৰ অধিক পৰিয়াল জড়িত হৈ আছে।

প্ৰশ্ন হৈছে নৈশ বাছ বন্ধ থকা সময়ত বিহাৰৰ পৰা বাছ এখন কেনেদৰে অসমত ইখনৰ পিছত সিখন জিলা পাৰ হৈ গৈছে?
Published by:Manjumoni Borah
First published: