உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Guwahati : ৰাস্তাত অকলে পাই যুৱতীক অশালীন ব্যৱহাৰ, মোবাইল ফোন কাঢ়ি নিয়া যুৱকক যুৱতীয়ে পোৱালে ৰঙাঘৰ

    Guwahati : ৰাস্তাত অকলে পাই যুৱতীক অশালীন ব্যৱহাৰ, মোবাইল ফোন কাঢ়ি নিয়া যুৱকক যুৱতীয়ে পোৱালে ৰঙাঘৰ

    চিনাকি যুৱক বুলি ভাৱি যুৱতীগৰাকীয়ে ঘূৰি চোৱাৰ লগে লগে যুৱতীগৰাকীৰ হাতৰ পৰা মোবাইল ফোনটো কাঢ়ি নিয়ে যুৱকজনে।

    চিনাকি যুৱক বুলি ভাৱি যুৱতীগৰাকীয়ে ঘূৰি চোৱাৰ লগে লগে যুৱতীগৰাকীৰ হাতৰ পৰা মোবাইল ফোনটো কাঢ়ি নিয়ে যুৱকজনে।

    চিনাকি যুৱক বুলি ভাৱি যুৱতীগৰাকীয়ে ঘূৰি চোৱাৰ লগে লগে যুৱতীগৰাকীৰ হাতৰ পৰা মোবাইল ফোনটো কাঢ়ি নিয়ে যুৱকজনে।

    • Share this:
    অশালীন ব্যৱহাৰ কৰি আৰু মোবাইল কাঢ়ি নিয়া এজন যুৱকক কৰায়ত্ত কৰি এগৰাকী যুৱতীয়ে বীৰাংগনাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আৰক্ষী–প্ৰশাসনকে ধৰি স্থানীয় ৰাইজে যুৱতীগৰাকীক ভূয়সী প্ৰশংসা কৰিছে। এই ঘটনাটো সংঘটিত হৈছে গুৱাহাটী (Guwahati)ৰ গীতানগৰ থানাৰ অন্তৰ্গত নবীন নগৰত।

    উল্লেখ্য যে, নগাঁও (Nagaon)জিলাৰ ৰহাৰ বাসিন্দা জোনটি বৰদলৈ নামৰ যুৱতীগৰাকীয়ে নবীন নগৰৰ ৩নং উপপথৰ এটা ঘৰত ভাৰাতীয়া হিচাপে থাকি ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছে। দেওবাৰে পুৱা ৫ মান বজাত আলহীক আগবঢ়াই আনিবলৈ ঘৰৰ পৰা গুৱাহাটী ৰে’ল ষ্টেচন অভিমুখে ওলাই আহিছিল যুৱতীগৰাকী।

    ভাড়াঘৰৰ ওচৰতে ৰাস্তাত AS 01 DY 3889 নম্বৰৰ মটৰ চাইকেলত অহা যুৱক এজনে যুৱতীগৰাকীক মাত দিয়ে। চিনাকি যুৱক বুলি ভাৱি যুৱতীগৰাকীয়ে ঘূৰি চোৱাৰ লগে লগে যুৱতীগৰাকীৰ হাতৰ পৰা মোবাইল ফোনটো কাঢ়ি নিয়ে যুৱকজনে। লগে লগে যুৱতীগৰাকীয়ে যুৱকজনক প্ৰহাৰ কৰে। যুৱকজনেও যুৱতীগৰাকীক ঘুচিয়াই–লঠিয়াই নলাত পেলাই দিয়ে। নলাৰ পৰা উঠি আহি যুৱতীগৰাকীয়ে যুৱকজনক জপটিয়াই ধৰি ৰাইজৰ সহায় বিচাৰি চিঞৰ–বাখৰ কৰে।

    চিঞৰ–বাখৰ শুনি স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ উদণ্ড যুৱকজনক কৰায়ত্ত কৰি উত্তম–মধ্যম শোধায়। পিছত গীতানগৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক থানালৈ আনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 341/ 392/354/325 ধাৰাৰ অধীনত 128/21 নম্বৰত এটা গোচৰ ৰুজু কৰি যুৱকজনক জেৰা অব্যাহত ৰাখিছে। ধৃত যুৱকজন হৈছে গোলাঘাটৰ মেৰাপানীৰ চাউদাং পথাৰৰ বাসিন্দা তপন গগৈ।
    Published by:Sanjay Kumar Das
    First published: