• Home
  • »
  • News
  • »
  • assam
  • »
  • পদপথৰ কুকুৰৰ বাবে মহানগৰীত আশ্ৰয়গৃহৰ ব্যৱস্থা কৰিছে শ্বাহিদে

পদপথৰ কুকুৰৰ বাবে মহানগৰীত আশ্ৰয়গৃহৰ ব্যৱস্থা কৰিছে শ্বাহিদে

গুৱাহাটী মহানগৰীৰ ধীৰেনপাৰাৰ শ্বাহিদ আহমেদ নামৰ এগৰাকী পশুপ্ৰেমীয়ে ব্যতিক্ৰমী পদক্ষেপেৰে  দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

  • Share this:
গুৱাহাটী মহানগৰীৰ ধীৰেনপাৰাৰ শ্বাহিদ আহমেদ নামৰ এগৰাকী পশুপ্ৰেমীয়ে ব্যতিক্ৰমী পদক্ষেপেৰে  দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।পদপথৰ কাষত কুকুৰৰ বাবে শ্বাহিদে স্থাপন কৰিছে আশ্ৰয়গৃহ। শ্বাহিদৰ আশা তেওঁৰ এই পদক্ষেপ অনুসৰণ কৰিব অন্যান্য ব্যক্তি সকলে। পদপথৰ কুকুৰৰ জিৰণী লোৱাৰ ঠাইৰ অভাৱ অনুভৱ কৰি শ্বাহিদে ধীৰেনপাৰা অঞ্চলত পদপথৰ কুকুৰে জিৰণি লোৱাৰ বাবে সংস্থাপন কৰিছে পাঁচটাকৈ আশ্ৰয়গৃহ। শীতৰ নিশা পদপথৰ কুকুৰে শীতৰ পৰা যাতে নিজকে ৰক্ষা কৰিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শ্বাহিদে ২০ হাজাৰ টকা ব্যয়ৰে নিৰ্মাণ কৰিছে পাঁচটাকৈ আশ্ৰয়গৃহ।

শ্বাহিদৰ জন্তুৰ প্ৰতি এনেধৰণৰ আদৰ দেখি ধীৰেনপাৰা অঞ্চলত স্থানীয় বাসিন্দা অৰ্পিতা শইকীয়া নামৰ এগৰাকী অধিবক্তা আগুৱাই আহি কুকুৰৰ এই আশ্ৰয়গৃহ নিৰ্মাণৰ বাবে শ্বাহিদলৈ সহায়ৰ হাত আগবঢ়াইছে।

ইয়াৰ পূৰ্বেও তেওঁ পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে ধীৰেনপাৰা বিভিন্ন অঞ্চলত কেইটাও পানীৰ পাত্ৰৰ ব্যৱস্থা কৰিছিল। শ্বাহিদৰ পশুপ্ৰেম অঞ্চলটোৰ বাসিন্ধা সকলক প্ৰভাৱিত কৰিছে আৰু বৰ্তমান বহু লোক পশু-পক্ষীক বিভিন্ন প্ৰকাৰে সহায় কৰিবলৈ আগুৱাই আহিছে।
First published: