PUBG খেলাক লৈ মাতৃৰ ককৰ্থনা! মহানগৰীত ফেকাল্টী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰৰ আত্মহত্যা

মাতৃয়ে গেম খেলি থকাৰ বাবে ককৰ্থনা কৰাৰ বাবেই ফেকাল্টী হাইস্কুলৰ ছাত্ৰজনৰ আত্মহত্যা।

news18assam
Updated:June 8, 2019, 11:26 AM IST
PUBG খেলাক লৈ মাতৃৰ ককৰ্থনা! মহানগৰীত ফেকাল্টী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰৰ আত্মহত্যা
মাতৃয়ে গেম খেলি থকাৰ বাবে ককৰ্থনা কৰাৰ বাবেই ফেকাল্টী হাইস্কুলৰ ছাত্ৰজনৰ আত্মহত্যা।
news18assam
Updated: June 8, 2019, 11:26 AM IST
মাৰাত্মক ব্লু–হুৱেল চেলেঞ্জৰ পিছত কিশোৰ–কিশোৰীৰ জীৱনলৈ ভয়ংকৰ বাৰ্তা কঢ়িয়াই আনিছে ম’বাইল গেম PUBG–এ। এই গেমৰ প্ৰতি আসক্তিৰ বাবেই কিছুদিন পূৰ্বে বহিঃৰাজ্যত এজন ছাত্ৰৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ পিছত গুৱাহাটী মহানগৰীত সংঘটিত হৈছে অনুৰূপ এক কৰুণ ঘটনা। পাবজি গেমত থকা আসক্তি আৰু মাতৃয়ে ইউনিট টেষ্টৰ বাবে পাবজি খেলাত বাধা দিয়াৰ বাবেই আত্মহননৰ দৰে চৰম পথ বাছি লয় ফেকাল্টি হাইস্কুলৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই। বাতৰিকাকতৰ খবৰ অনুসৰি পুৱা পলমকৈ উঠা ছাত্ৰজনে স্কুললৈ যাবলৈ অনীহা প্ৰকাশ কৰিছিল, তেনেকুৱাতে মাতৃলৈ সেইদিনা ইউনিট টেষ্ট থকাৰ খবৰ আহে বিদ্যালয়ৰ পৰা। পুত্ৰই পৰীক্ষাৰ খবৰ লুকুৱাই ৰখাৰ লগতে অনবৰতে ম’বাইলত গেম খেলি থকাক লৈ ভৎৰ্সনা কৰে। ইয়াৰ পিছতে মাতৃয়ে নিজৰ কামৰ এক বৈঠকত অংশ ল’বলৈ বাহিৰলৈ যায়। দুপৰীয়া উভতি আহি মাতৃয়ে চীপ লোৱা অৱস্থাত পুত্ৰৰ মৃতদেহ বেডৰূমত উদ্ধাৰ কৰে। ফেকাল্টী হাইস্কুলৰ ছাত্ৰজনক লগে লগে হায়াত হাস্পতাললৈ নিয়া হয় যদিও ছাত্ৰজনৰ প্ৰাণবায়ু কেতিয়াবাই উৰি যোৱাৰ কথা চিকিৎসকে জনায়। ছাত্ৰজনৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা ফটাশিল থানাত পঞ্জীয়নো কৰা হয়।

পাবজিৰ এই মাৰাত্মক পৰিণতিয়ে কঁপাই গৈছে বহু অভিভাৱকৰ বুকু। সময় থাকোতে সাৱধান নহ’লে ব্লু–হুৱেলৰ দৰে হয়তো পাবজিয়ে অসংখ্যজনৰ প্ৰাণ ল’ব। গুৱাহাটীৰ এই ঘটনাৰ পৰা কোনে শিক্ষা ল’ব?
আৰু চাওক পৰৱৰ্তী বাতৰি