বোল বম (Bol Bom) ২৪ জুলাইৰ পৰা ২২ আগষ্টলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল।
ক'ভিডৰ এই জটিল পৰিস্থিতিত প্ৰতি বছৰে শাওণ মাহত অনুষ্ঠিত হোৱা বোল বম (Bol Bom ) মহোৎসৱ এইবাৰ বাতিল কৰিলে মহাপ্ৰভূ শুক্ৰেশ্বৰ দেৱালয় পৰিচালনা সমিতিয়ে। ২৪ জুলাইৰ পৰা ২২ আগষ্টলৈ অনুষ্ঠান হ'বলগীয়া বোল বম মহোৎসৱৰ সকলো কাৰ্য্যসূচী বাতিল কৰে শুক্ৰেশ্বৰ দেৱালয় কতৃপক্ষয়।
বোল বমৰ প্ৰাকমুহূৰ্তত শ্ৰী শ্ৰী শুক্ৰেশ্বৰ দেৱালয়, শ্ৰী শ্ৰী বানেশ্বৰ দেৱালয় আৰু বশিষ্ঠ আশ্ৰম দেৱালয় সমিটিৰ বষয় ববীয়া সকলে এখন সভা অনুষ্ঠিত কৰি তেওলোকৰ চুড়ান্ত সিদ্ধান্ত নিউজ ১৮ ক জনায়। এক পত্ৰত তেওঁলোকে উল্লেখ কৰে যে ক'ভিড ভাইৰাছৰ এই মহামাৰিৰ সময়ত সংক্ৰমণ ৰোধ কৰাৰ বাবে এইবাৰ বছৰেকীয়া বোল বম অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই ক্ষেত্ৰত ৰাইজেও সহায় সহযোগ কৰিব বুলি আশাবাদী দেৱালয় তিনিখনৰ বিষয়ববীয়া সকল।
উল্লেখযোগ্য যে প্ৰতি বছৰে শাওণ মাহৰ এই বোল বমৰ সময়ত ভাৰতবৰ্ষৰ লগতে অসমতো হিন্দু ধৰ্মৰ লোকে বোল বম মহোৎসৱ পালন কৰে। বোল বমৰ সময়ত প্ৰতি বছৰে লাখ লাখ লোকে শাওণ মাহৰ সন্ধিয়া সময়ত খোজ কাঢ়ি গৈ বশিষ্ঠ মন্দিৰৰ সন্ধ্যা, ললিতা আৰু কান্তা নদীৰ পৰা পানী আনি শুক্ৰেশ্বৰ দেৱালয়ৰ শিৱ লিংগত অৰ্পণ কৰে। লোক বিশ্বাস যে বোল বমৰ সময়ত বশিষ্ঠ মন্দিৰৰ পৰা পানী লৈ গৈ শুক্ৰেশ্বৰ দেৱালয়ৰ লিংগত অৰ্পণ কৰিলে মনৰ আশা পূৰণ হয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|