পাঞ্জাবাৰীৰ এই ঘৰটোত চলিছিল জু–ৰোডৰ বিস্ফোৰণৰ পৰিকল্পনা!

news18assam
Updated:May 16, 2019, 2:25 PM IST
পাঞ্জাবাৰীৰ এই ঘৰটোত চলিছিল জু–ৰোডৰ বিস্ফোৰণৰ পৰিকল্পনা!
news18assam
Updated: May 16, 2019, 2:25 PM IST
বুধবাৰে মহানগৰীৰ জু–ৰোডত বিস্ফোৰণৰ ঘটনাৰ পিছতে তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তুলিছে আৰক্ষীয়ে। কূটাঘাতকাৰীক বিচাৰি আজি পুৱা মহানগৰীৰ পাঞ্জাবাৰীত অভিযান চলায় মহানগৰ আৰক্ষীয়ে। পাঞ্জাবাৰীৰ নামঘৰ পথৰ এটা ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে এটা 9mm পিষ্টল। এই ঘৰটোৰ পৰাই গ্ৰেনেড বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। কূটাঘাত সংঘটিত কৰা লোককেইজন ঘৰটোত থকাৰ সন্দেহ কৰা হৈছে। পুৱা ৪ বজাৰ পৰা অভিযান চলাইছে আৰক্ষীয়ে।

ইফালে, বিস্ফোৰণৰ ঘটনাক লৈ আৰক্ষী আয়ুক্তই কয় – ‘ঘটনাক লৈ গীতানগৰ থানাত ৰুজু কৰা হৈছে গোচৰ। ঘটনাত ব্যৱহাৰ কৰা হৈছিল চাইনীজ গ্ৰেনেড। ঘটনাস্থলীৰ বিপৰীত দিশৰ পৰা দুৰ্বৃত্তই নিক্ষেপ কৰিছিল গ্ৰেনেড। এই ঘটনা মহানগৰ আৰক্ষীৰ বাবে প্ৰত্যাহ্বান।’
আৰু চাওক পৰৱৰ্তী বাতৰি