জু–ৰোডত বিস্ফোৰণৰ পূৰ্বে কালৈ বাৰে বাৰে ফোন কৰিছিল জাহ্নৱীয়ে?

জাহ্নৱী নামৰ মহিলাগৰাকীক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। বুধবাৰে জু–ৰোডত বিস্ফোৰণৰ পূৰ্বে সেই স্থানলৈ এজন বিশেষ ব্যক্তিক কেইবাবাৰো ফোন কৰিছিল জাহ্নৱীয়ে।

news18assam
Updated:May 16, 2019, 4:15 PM IST
জু–ৰোডত বিস্ফোৰণৰ পূৰ্বে কালৈ বাৰে বাৰে ফোন কৰিছিল জাহ্নৱীয়ে?
জাহ্নৱী নামৰ মহিলাগৰাকীক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। বুধবাৰে জু–ৰোডত বিস্ফোৰণৰ পূৰ্বে সেই স্থানলৈ এজন বিশেষ ব্যক্তিক কেইবাবাৰো ফোন কৰিছিল জাহ্নৱীয়ে।
news18assam
Updated: May 16, 2019, 4:15 PM IST
জাহ্নৱী নামৰ মহিলাগৰাকীক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। বুধবাৰে জু–ৰোডত বিস্ফোৰণৰ পূৰ্বে সেই স্থানলৈ এজন বিশেষ ব্যক্তিক কেইবাবাৰো ফোন কৰিছিল জাহ্নৱীয়ে। সেই ফোন কলৰ ভিত্তিতে আজি পুৱা ৪ বজাৰ পৰা অভিযান চলাইছে আৰক্ষীয়ে। পাঞ্জাবাৰীৰ নামঘৰ পথত থকা ১০নং ঘৰত অভিযান চলাই ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে এটা পিষ্টল, ২৫ জাঁই গুলী, গ্ৰেনেড বনোৱা সামগ্ৰী, এখন স্কুটীৰ লগতে বহু আপত্তিজনক নথি–পত্ৰ।

আলোচনাপন্থী আলফা প্ৰাণময় ৰাজগুৰু প্ৰায়ে গৈছিল পাঞ্জাবাৰীস্থিত জাহ্নৱীৰ ভাৰাঘৰলৈ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে বুধবাৰে সন্ধিয়া জু–ৰোডত সংঘটিত হোৱা বিস্ফোৰণত আহত হৈছিল ১১জনকৈ লোক। আৰক্ষীৰ তালাচীৰ সময়তে গ্ৰেনেড দলিয়াই নিৰ্বিঘ্নে আঁতৰি গৈছিল দুৰ্বৃত্ত।

কি কি উদ্ধাৰ হ’ল জাহ্নৱীৰ ঘৰত :
আৰু চাওক পৰৱৰ্তী বাতৰি