মুখ্যপৃষ্ঠা » খবৰ

» অসম

»জু–ৰোডৰ বিস্ফোৰণ : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

জু–ৰোডৰ বিস্ফোৰণ : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

News18-Assam
Updated:May 28, 2019, 2:06 PM IST
জু–ৰোডৰ বিস্ফোৰণ : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ
আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নিৰ্দেশত সঞ্জীৱে বিজয় অসম আৰু পাপু কোচক গুৱাহাটী পৰ্যবেক্ষণ কৰাইছিল।

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নিৰ্দেশত সঞ্জীৱে বিজয় অসম আৰু পাপু কোচক গুৱাহাটী পৰ্যবেক্ষণ কৰাইছিল।

  • Share this:
গুৱাহাটীৰ জু–ৰোডৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সঞ্জীৱ তালুকদাৰক। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নিৰ্দেশত সঞ্জীৱে বিজয় অসম আৰু পাপু কোচক গুৱাহাটী পৰ্যবেক্ষণ কৰাইছিল। পৰেশ বৰুৱাৰ সৈতে ফোনত যোগাযোগ আছিল সঞ্জীৱৰ। বিস্ফোৰণৰ পূৰ্বে পৰেশ বৰুৱাই সঞ্জীৱৰ সৈতে ফোনত কেইবাবাৰো কথা পাতিছিল বুলি সদৰি কৰিছে আৰক্ষীয়ে। সঞ্জীৱ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০১৬–১৭ বৰ্ষৰ সভাপতি আছিল।
First published: May 28, 2019, 2:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি