মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Congress Vs BJP : নিজৰ ঘৰৰ জেওৰা, জপনা ঠিক কৰক গৌৰৱ গগৈয়ে, বিজেপিলৈ যি আহে সিয়েই ছয় মাৰিব, নহ'লে চাৰি

Congress Vs BJP : নিজৰ ঘৰৰ জেওৰা, জপনা ঠিক কৰক গৌৰৱ গগৈয়ে, বিজেপিলৈ যি আহে সিয়েই ছয় মাৰিব, নহ'লে চাৰি

News18 Assam | News18-Assam
Updated:August 20, 2021, 7:14 PM IST
Congress Vs BJP : নিজৰ ঘৰৰ জেওৰা, জপনা ঠিক কৰক গৌৰৱ গগৈয়ে, বিজেপিলৈ যি আহে সিয়েই ছয় মাৰিব, নহ'লে চাৰি
নিজৰ ঘৰখন ঠিক কৰক গৌৰৱ গগৈয়ে, জেওৰা ভঙা থাকিলে সকলো বাহিৰলৈ ওলাবই— বিজেপি

নিজৰ ঘৰখন ঠিক কৰক গৌৰৱ গগৈয়ে, জেওৰা ভঙা থাকিলে সকলো বাহিৰলৈ ওলাবই— বিজেপি

  • Share this:
বিজেপি (BJP)ত বৰ্তমান বিজেপি নাই— দুটা দিনৰ পূৰ্বে কলিয়াবৰৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ (Gaurab Gogoi)য়ে কৰিছিল এই মন্তব্য ৷ গৌৰৱ গগৈৰ মতে বিজেপিত এতিয়া সুবিধাবাদীৰহে চলিছে দপদপনি ৷ চলিছে কংগ্ৰেছীৰ পয়োভৰ ৷ সন্মান লাঘৱ হৈছে পুৰণি বিজেপিৰ ৷ ইমানতে ক্ষান্ত নাথাকি গগৈয়ে বিজেপিত কোন প্ৰকৃত বিজেপি আছে তাকো দেখুৱাই দিবলৈ কৈছিল বিজেপি নেতাক ৷  এই মন্তব্যৰ পিছত গৌৰৱ গগৈক উভতি ধৰিছে এতিয়া বিজেপিয়ে ৷

বিজেপিক সমালোচনা কৰিবলৈ গৈ গৌৰৱ গগৈয়ে কৰা এই মন্তব্যক লৈ তীৰ্যক তথা তাচ্ছিল্য সুচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া (Dilip Saikia)ই কয়— "কংগ্ৰেছে প্ৰথমে ঘৰৰ জেওৰাখন ঠিক কৰক ৷ কংগ্ৰেছৰ চাৰিওফালে এতিয়া উদং ৷ জেওৰা ভঙা থাকিলে সুযোগ সকলোৱে লয়েই ৷ কংগ্ৰেছে (Congress) সেই সুযোগ দিয়াৰ বাবে বিজেপিলৈ আহিছে কংগ্ৰেছী ৷ বিজেপিলৈ অহা কংগ্ৰেছীৰ কোনোবাই ছয় মাৰিব, কোনোবাই চাৰি ৷ তাত গৌৰৱ গগৈয়ে মূৰ ঘমাই লাভ নাই ৷ প্ৰথমে কোনো ওলাব নোৱাৰাকৈ জেওৰা, জপনা ঠিক কৰি লওক ৷"

একেটা বিষয়তে মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই লগতে গৌৰৱ গগৈলৈ এৰিলে প্ৰশ্ন— গৌৰৱ গগৈ দেখোন লোকসভাৰ বিৰোধী সংসদীয় দলৰ উপদলপতি ৷ তেওঁ থকা অৱস্থাত সৰ্বভাৰতীয় কংগ্ৰেছৰ সভানেত্ৰী সুষ্মিতা দেৱ (Sushmita Dev)ক কিয় দলত ৰাখিব নোৱাৰিলে কংগ্ৰেছে?

সততে সংবাদ মাধ্যমৰ পৰা নিজকে আঁতৰাই ৰখা বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মায়ো একেটা সুৰতে ক'লে—"কংগ্ৰেছে আনৰ ঘৰলৈ চকু দিয়াতকৈ নিজৰ ঘৰত দিয়ক চকু ৷ কংগ্ৰেছ দলত কংগ্ৰেছী নথকাতোহে হৈছে লজ্জাজনক ৷ কংগ্ৰেছে নিজ দলৰ মানুহক ৰাখিব নোৱাৰাতো বিজেপিৰ ভুল নিশ্চয় নহয় ৷"

ইফালে বিজেপিৰ নতুন পূৰ্ণাংগ কমিটিত সম্পাদকৰ দায়িত্ব লাভ কৰা বিকুল ডেকাই গৌৰৱ গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "বিজেপিৰ নীতি-আদৰ্শ আদৰি লোৱা প্ৰত্যেকৰে স্থান আছে বিজেপিত ৷ বিজেপিয়ে কাকো মাতি নানে, আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ নিজে আহে ৷"

বিজেপি আৰু কংগ্ৰেছ (BJP Vs Congress)ৰ মাজত এনেধৰণৰ বাকযুদ্ধ শেহতীয়াকৈ বৃদ্ধি পাইছে ৷ বিজেপিয়ে দিয়া কাউণ্টাৰৰ প্ৰতি-কাউণ্টাৰ এতিয়া গৌৰৱ গগৈয়ে কি দিয়ে সেয়াহে হ'ব লক্ষণীয় ৷
Published by: Manjumoni Borah
First published: August 20, 2021, 7:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি