• Home
  • »
  • News
  • »
  • assam
  • »
  • Ripun Bora: কেৰাহীৰ পৰা জুইত পৰিল ৰিপুণ বৰা, কটাক্ষ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ

Ripun Bora: কেৰাহীৰ পৰা জুইত পৰিল ৰিপুণ বৰা, কটাক্ষ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ

ৰিপুণ বৰাৰ TMC গমনক লৈ আৰু কি ক'লে পবিত্ৰ মাৰ্ঘেৰিটাই?

ৰিপুণ বৰাৰ TMC গমনক লৈ আৰু কি ক'লে পবিত্ৰ মাৰ্ঘেৰিটাই?

ৰিপুণ বৰাৰ TMC গমনক লৈ আৰু কি ক'লে পবিত্ৰ মাৰ্ঘেৰিটাই?

  • Share this:
দুদিন আগলৈকে নিজকে কংগ্ৰেছৰ নিষ্ঠাৱান কৰ্মী,সেৱক হিচাপে ভিন্ন জনক প্ৰতীয়মান নিয়াবলৈ চেষ্টা কৰি থকা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰা (Ripun Bora)ৰ চিনাকি এতিয়া তৃণমূল কংগ্ৰেছী ৷ বংগকন্যা মমতা বেনাৰ্জী (Mamata Banerjee) নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ (Trinamul Congress)ত ৰিপুণ বৰাৰ যোগদানৰ পিছতে নিজ দলৰ লগতে আন দল আৰু মহলৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰাক্তন মন্ত্ৰী বৰা ৷

শেহতীয়াকৈ ৰাজ্যসভা (Rajyasabha)ৰ খালী হোৱা দুখন আসনৰ বাবে হোৱা নিৰ্বাচনত বিৰোধীৰ হাতত সংখ্যা থকাৰ পিছতো বিৰোধীৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰিপুণ বৰা পৰাজিত হোৱাৰ বিপৰীতে জয়লাভ কৰিছিল বিজেপি (BJP)ৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু UPPLৰ ৰণগৌড়া নাৰ্জাৰীয়ে ৷ ৰাজ্যসভা নিৰ্বাচনৰ পিছতে কংগ্ৰেছ (Congress) ত্যাগ কৰি তৃণমূল কংগ্ৰেছৰ শৰণাপন্ন হোৱা ৰিপুণ বৰাক সোমবাৰে সমালোচনাৰ লক্ষ্য কৰি লোৱাৰ লগতে কংগ্ৰেছ দলকো সমালোচনা কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷

"অসম বিদ্বেষী TMCত যোগদান কৰাৰ বাবে ৰিপুণ বৰালৈ শুভেচ্ছা ৷ নলবাৰীত প্ৰচলিত এষাৰ বাক্য আছে- 'কেৰেহীৰ পৰা জুইত পৰা' ৷ ৰিপুণ বৰাও কেৰাহীৰ পৰা জুইত পৰিছে ৷ মিঞাৰ ওচৰত বিক্ৰী যোৱা কংগ্ৰেছত কোনো স্বাভিমানী অসমীয়া থাকিব নিবিচাৰে ৷ ৰিপুণ বৰাক মই স্বাভিমানী অসমীয়া বুলি ভবা নাই অৱশ্যে ৷ কিন্তু IMDT আইন বাতিলৰ বিৰোধিতাৰে জন্ম হোৱা AIUDFৰে মিতিৰালী কৰা কংগ্ৰেছত কোন থাকিব? যি সকল এতিয়াও আছে বৰ কষ্টত আছে ৷" এইদৰে কয় পবিত্ৰ মাৰ্ঘেৰিটাই।

আনহাতে ৰিপুণ বৰাই দল ত্যাগ কৰাৰ পিছতো কংগ্ৰেছী নেতা সকলে কৰা কিছু মন্তব্যক লৈ এইদৰে ক'লে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই, "দুজনকৈ সভাপতিয়ে দল ত্যাগ কৰাৰ পিছতো টিঙৰ পৰা নমা নাই কংগ্ৰেছ ৷ দলটোৰ পৰা মানুহ কমি গৈ আছে কিন্তু কেৰেপেই নকৰে নেতৃত্বই ৷ পৰিয়ালতান্ত্ৰিক এটা দলৰ আনুগত্য কিমান দিনলৈ থাকিব?"

আনহাতে, শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত জোৰদাৰ প্ৰচাৰ চলোৱা TMC,AAP বিজেপিৰ বাবে ফেক্টৰ নহয় বুলি কয় পবিত্ৰ মাৰ্ঘেৰিটাই ৷
Published by:Manjumoni Borah
First published: