• Home
  • »
  • News
  • »
  • assam
  • »
  • Bhabesh Kalita on Petrol Price : এখন বাইকত তিনিজনকৈ উঠক, খোজকাঢ়ি কামলৈ যাওক, সাংবাদিকে চাইকেল লৈ নিউজ কৰক, পেট্ৰ'ল-ডিজেলৰ দাম কমাবলৈ বিজেপি সভাপতি ভবেশ কলিতাৰ বুদ্ধি

Bhabesh Kalita on Petrol Price : এখন বাইকত তিনিজনকৈ উঠক, খোজকাঢ়ি কামলৈ যাওক, সাংবাদিকে চাইকেল লৈ নিউজ কৰক, পেট্ৰ'ল-ডিজেলৰ দাম কমাবলৈ বিজেপি সভাপতি ভবেশ কলিতাৰ বুদ্ধি

file image

file image

Bhabesh Kalita on Petrol Price : "গাড়ীৰ ব্যৱহাৰ কমাওক। প্ৰয়োজনত এখন বাইকত তিনিজনকৈ উঠক। প্ৰয়োজনত বাইকত তিনিজন উঠিলে পুলিচে ফাইন লোৱা ব্যৱস্থাটোও সলনি কৰিব লাগিব।"

  • Share this:
“এখন বাইকত তিনিজনকৈ উঠিব লাগিব ৷ গাড়ীৰ ব্যৱহাৰ কমাব লাগিব ৷ নহ'লে পেট্ৰ'ল-ডিজেলৰ দাম নকমিব ৷” এয়া ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতাৰ ফৰ্মূলা ৷ দেওবাৰে কইনাধৰাত পেট্ৰ'ল-ডিজেলৰ দাম (Petrol-Diesel Price) কমাবলৈ হ'লে সাংবাদিকক চাইকেল (Use Cycle to Reduce Petrol Price) চলাই সংবাদ সংগ্ৰহ কৰিবলৈও আহ্বান জনালে ভবেশ কলিতা (BJP President Bhabesh Kalita)ই ৷

পেট্ৰ'লৰ দামে ১০০ অতিক্ৰম কৰিলে ৷ ডিজেলৰ মূল্যয়ো চেঞ্চুৰী কোবোৱাৰ দিশত আগবাঢ়িছে ৷ এনে সময়তে ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতাই দেওবাৰে ব্যাখ্যা কৰিলে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ কাৰণ ৷ ভৱেশ কলিতাই ক'লে- "গাড়ী বেছিকৈ চলোৱাৰ বাবেই বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ দাম। বজাৰ কৰিবলৈ গ'লে কিয় গাড়ী নিব লাগে?"

পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধিৰ কাৰণ ব্যাখ্যা কৰি এইবাৰ ভৱেশ কলিতাই গাড়ী ব্যৱহাৰ কমাবলৈ পৰামৰ্শ দিলে ৰাইজক ৷ কলিতাই ক'লে-"গাড়ীৰ ব্যৱহাৰ কমাওক। প্ৰয়োজনত এখন বাইকত তিনিজনকৈ উঠক। প্ৰয়োজনত বাইকত তিনিজন উঠিলে পুলিচে ফাইন লোৱা ব্যৱস্থাটোও সলনি কৰিব লাগিব।"

মন্ত্ৰীসকলকো গাড়ী কমাই চলাবলৈ ভৱেশ কলিতাই দিলে পৰামৰ্শ ৷ ভবেশ কলিতাই কয় যে অসমত গাড়ীৰ সংখ্যা বাঢ়িছে বাবেই  পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধি হৈছে। একো একোজন লোকৰ ৪-৫খন গাড়ী আছে, এনে পৰিস্থিতিত  পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধি হোৱাটো স্বাভাৱিক বুলিয়েই ক'লে বিজেপি সভাপতি ভবেশ কলিতাই।

বিজেপিৰ সাংসদ, মন্ত্ৰী তথা সভাপতিলৈকে সকলোৱে এনেদৰে  পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধিক লৈ অদ্ভূত মন্তব্য কৰা কাৰ্যত ৰাইজ উপায়ন্তৰ হৈ পৰিছে।

অৱশ্যে পেট্ৰ'ল-ডিজেলৰ দাম সোনকালে কমিব বুলি দাবী কৰে মন্ত্ৰী পিযুষ হাজৰিকাই ৷
Published by:Manjumoni Borah
First published: