Price Rise Hits Hard : মূল্যবৃদ্ধিৰ জ্বলা জুইত ঘিউ, বয়ল খাবলৈ ৰাজ্যবাসীক আহ্বান বিজেপি বিধায়কৰ
Price Rise Hits Hard : মূল্যবৃদ্ধিৰ জ্বলা জুইত ঘিউ, বয়ল খাবলৈ ৰাজ্যবাসীক আহ্বান বিজেপি বিধায়কৰ
সমগ্ৰ দেশৰ লগতে অসমতো মূল্য বৃদ্ধি (Price Rise)ৰ জুইয়েে দহিছে সৰ্বস্তৰৰ লোকক। এনে সময়ত মূল্যবৃদ্ধিৰোধৰ বাবে চৰকাৰে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে নেতা-মন্ত্ৰী-বিধায়কসকলে উদ্ভট মন্তব্য কৰি আছে ধাৰাবাহিকভাৱে। শেহতীয়াকৈ মিঠাতেল (Mustard Oil Price)ৰ দামক লৈ দুই এজন নেতা-বিধায়কে ৰাইজক দিছে আচৰিত পৰামৰ্শ।
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (Bhabesh Kalita)ই মিঠাতেল নাখাবলৈ পৰামৰ্শ দিছে ৰাইজক। একেদৰে মিঠাতেল নাখাবলৈ পৰামৰ্শ দিছে দিছপুৰৰ বিধায়ক অতুল বৰা (Atul Bora)ইও।
দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাই ৰাজ্যবাসীক আহ্বান জনাইছে মিঠাতেল কমকৈ খাবলৈ। সাংবাদিকৰ আগত অতুল বৰাই কয়, "মানুহে মিঠাতেল কমকৈ খাব লাগে, মই বয়ল আহাৰ খাওঁ।" শাসকীয় বিধায়ক হোৱা বাবেই তেওঁ মূল্যবৃদ্ধি প্ৰসংগত একো কব নোৱাৰে বুলি স্বীকাৰ কৰি ৰাজ্যবাসীক বয়ল আহাৰ খাবলৈ আহ্বান জনায়।
আনহাতে অতুল বৰাৰ এই মন্তব্যক সমৰ্থন জনায় ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই। ভবেশ কলিতাই কয়, "অসুস্থ মানুহে মিঠাতেল কমকৈ খাব লাগে।"
উল্লেখ্য যে কিছুমাহ পূৰ্বে পিঁয়াজৰ মূল্যবৃদ্ধি হওতে পিঁয়াজ নিদিয়াকৈ মাংস খাবলৈ পৰামৰ্শ দিছিল বিজেপি বিধায়ক প্ৰশান্ত ফুকনে। আৰু শেহতীয়াকৈ বিনামূলিয়াকৈ কোৰোণা ভেকচিন দিয়াৰ বাবেই পেট্ৰ'ল-ডিজেলৰ দাম বঢ়া বুলি মন্তব্য কৰি মানুহক হতভম্ব কৰি তুলিছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|