বাজেট অধিবেশনৰ পৰৱৰ্তী দিন কেইটাটো বিভিন্ন জাতি জনগোষ্ঠীৰ গামোচা পৰিধান কৰি সদনলৈ আহিব বিজেপি বিধায়কসকলে।
বাজেট অধিবেশনৰ পৰৱৰ্তী দিন কেইটাটো বিভিন্ন জাতি জনগোষ্ঠীৰ গামোচা পৰিধান কৰি সদনলৈ আহিব বিজেপি বিধায়কসকলে।
পঞ্চদশ বিধান সভাৰ প্ৰথম দিনাই ব্যতিক্ৰমী ৰূপত দেখা গল শাসকীয় বিজেপি আৰু মিত্ৰদলৰ দলৰ বিধায়ক সকলক। বাজেট অধিবেশনৰ প্ৰথম দিনা প্ৰতিগৰাকী বিধায়কে ডিঙিত গামোচা পিন্ধি প্ৰবেশ কৰিছ পবিত্ৰ সদনত। মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পৰা শদিয়াৰ বিধায়ক বলীন চেতিয়ালৈ সকলোৰে ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা।
অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ শ্ৰী পীযুষ হাজৰীকাই এই কথা উল্লেখ কৰি কয়, "মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰি শাসকীয় পক্ষৰ বিধায়কসকলে বিধানসভা অধিবেশনৰ প্ৰত্যেক দিনাই অসমৰ বেলেগ বেলেগ জনগোষ্ঠীৰ পৰম্পৰাগত অংগবস্ত্ৰ পৰিধান কৰি আহিব |" উল্লেখযোগ্য যে যিসকল জনগোষ্ঠীৰ পৰম্পৰাগত অংগবস্ত্ৰ চলিত অধিবেশনত পৰিধান কৰিবলৈ থাকি যাব, সেয়া পৰৱৰ্তী অধিবেশনসমূহত পৰিধান কৰা হ’ব |
"আজি গামোচা পিন্ধিছো, কাইলৈ আৰু বেলেগ জনগোষ্ঠীৰ গামোচা পিন্ধাম বুলি নিউজ১৮ ক জনালে বলীন চেতিয়াই। বিজেপিৰ জ্যোষ্ঠ বিধায়কদ্বয় পদ্ম হাজৰিকা আৰু তেৰছ গোৱালাও ডিঙিত গামোচা লৈ উৎফুল্লিত। পবিত্ৰ সদনত গামোচা পিন্ধি নিজকে সাহসী অনুভৱ কৰিছো বুলি কলে পদ্ম হাজৰিকা আৰু তেৰছ গোৱালাই।
অৱশ্যে অধিবেশনৰ প্ৰথম দিনাই কেনা লাগিল দিশপুৰীয়া বিধায়ক অতুল বৰাৰ। দেওবাৰৰ বিজেপি বিধায়িনী দলৰ বৈঠকত কৈছিল যদিও অতুল বৰাই গামোচা আনিবলৈ পাহৰিয়েই গ'ল। পিছত যেনিবা কেনেবাকৈ মেনেজ কৰি সম্মান ৰক্ষা কৰিলে অতুল বৰাই।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিধানসভা অধিবেশনৰ প্ৰত্যেক দিনাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অংগবস্ত্ৰ পৰিধান কৰি আহিবলৈ ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ মিত্ৰদলৰ বিধায়কসকলক নিৰ্দেশ দিছিল | এই নিৰ্দেশ মানি শাসক পক্ষৰ বিধায়ক সকলে আজি বাজেট অধিবেশনৰ প্ৰথম দিনা কান্ধত গামোচা লৈ বিধানসভা অধিবেশনৰ কাৰ্যসূচীত অংশ লয়।
উল্লেখ্য যে বিধানসভা অধিবেশনৰ প্ৰতিটো দিনতে বিভিন্ন জনগোষ্ঠীৰ অংগবস্ত্ৰ পৰিধান কৰিব মিত্ৰদলৰ বিধায়কসকলে। এমাহ এদিন ধৰি চলিবলগীয়া বাজেট অধিবেশনৰ পৰৱৰ্তী দিন কেইটাটো বিভিন্ন জাতি জনগোষ্ঠীৰ গামোচা পৰিধান কৰি সদনলৈ আহিব বিজেপি বিধায়কসকলে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|