உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Guwahati-Bikaner express train accident: বিশেষ ৰে'লেৰে গুৱাহাটীলৈ অনা হৈছে অসমৰ যাত্ৰীসকলক, গুৱাহাটীৰ পৰা বাছেৰে ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

    Guwahati-Bikaner express train accident: বিশেষ ৰে'লেৰে গুৱাহাটীলৈ অনা হৈছে অসমৰ যাত্ৰীসকলক, গুৱাহাটীৰ পৰা বাছেৰে ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

    ১২টাকৈ ডবা লাইনচ্যুত হৈছিল গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ। সেই ডবাকেইটাত আছিল সৰ্বমুঠ ৫৭৭ গৰাকী যাত্ৰী।

    ১২টাকৈ ডবা লাইনচ্যুত হৈছিল গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ। সেই ডবাকেইটাত আছিল সৰ্বমুঠ ৫৭৭ গৰাকী যাত্ৰী।

    ১২টাকৈ ডবা লাইনচ্যুত হৈছিল গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ। সেই ডবাকেইটাত আছিল সৰ্বমুঠ ৫৭৭ গৰাকী যাত্ৰী।

    • Share this:
    মাঘৰ বিহুৰ উৰুকাৰ দিনা পশ্চিমবংগৰ জলপাইগুড়িত দুৰ্ঘটনাগ্ৰস্ত হয় গুৱাহাটী অভিমুখী ৰে'ল। ১২টাকৈ ডবা লাইনচ্যুত হৈছিল গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ। সেই ডবাকেইটাত আছিল সৰ্বমুঠ ৫৭৭ গৰাকী যাত্ৰী।

    প্ৰাৰম্ভিক খবৰ মতে, ৰে'লখনত অসমৰ প্ৰায় ২৯০গৰাকী যাত্ৰী আছিল। এই যাত্ৰীসকলক বিশেষ ৰে'ল যোগে গুৱাহাটী ৰেলৱে ষ্টেচনলৈ লৈ অনা হৈছে। আনকি যাত্ৰীসকলৰ ষ্টেচনৰ পৰা বিশেষ বাছেৰে ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। পৰিবহন বিভাগৰ তদাৰকত প্ৰেৰণ কৰা হ'ব যাত্ৰীসকলক।

    গুৱাহাটী ৰে'লৱে ষ্টেচনত সাজু ASTC ৰ ৭খনকৈ বাছ। ইতিমধ্যে বঙাইগাঁৱত ২৩ জনকৈ যাত্ৰী নামিছে বুলি খবৰ আহিছে। যাত্ৰীসকলৰ ভিতৰত আছে ৪গৰাকী মহিলা, ১৭ জন পুৰুষ আৰু দুটি শিশু।

    ইফালে দুৰ্ঘটনাত বৃহস্পতিবাৰে নিশা পৰ্যন্ত ৮ জন লোকে মৃত্যুক সাৱটি লৈছে। সেইদৰে গুৰুতৰ ভাবে আহত হৈ হাস্পতালত ভৰ্তি হৈছে ৪২জনকৈ যাত্ৰী। এই তথ্য প্ৰদান কৰিছে পশ্চিমবংগ প্ৰশাসনে। আহতসকলৰ ভিতৰত ২৮ জনক জলপাইগুড়ি ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৰে'ল বিভাগৰ তৰফৰ পৰা জনোৱা মতে, দুৰ্ঘটনাগ্ৰস্ত ৰে'লৰ ডবাৰ পৰা সকলো যাত্ৰীকে উদ্ধাৰ কৰা হৈছে। লগতে ডবাৰ ভিতৰত এতিয়াও কোনো লোক আবদ্ধ হৈ আছে নেকি সেইলৈ অভিযান আৰম্ভ কৰিছে ৰে'ল বিভাগে।

    ৰে'লখনত আছিল সৰ্বমুঠ ১০৫৩ গৰাকী যাত্ৰী। ইফালে  দুৰ্ঘটনাত আহত আৰু নিহতৰ বাবে আৰ্থিক সাহায্য ঘোষণা ৰে'ল কৰ্তৃপক্ষৰ। নিহতৰ বাবে ৫ লাখ, গুৰুতৰভাৱে আহতলৈ ১লাখ আৰু সামান্য আহতৰ বাবে ২৫ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে।
    Published by:Himangshu Bhuyan
    First published: