মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Thief in MLA Hostel : ৰাজধানী দিছপুৰৰ বিধায়ক আৱাসত পুনৰ চুৰি কাণ্ড! এই বাৰ বিধায়ক সুৰেণ ফুকনৰ আবাসৰ পৰা লুটি নিলে সামগ্ৰী

Thief in MLA Hostel : ৰাজধানী দিছপুৰৰ বিধায়ক আৱাসত পুনৰ চুৰি কাণ্ড! এই বাৰ বিধায়ক সুৰেণ ফুকনৰ আবাসৰ পৰা লুটি নিলে সামগ্ৰী

News18 Assam | News18-Assam
Updated:August 25, 2021, 11:22 AM IST
Thief in MLA Hostel : ৰাজধানী দিছপুৰৰ বিধায়ক আৱাসত পুনৰ চুৰি কাণ্ড! এই বাৰ বিধায়ক সুৰেণ ফুকনৰ আবাসৰ পৰা লুটি নিলে সামগ্ৰী
নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা বিধায়ক আৱাসত নিৰাপত্তাহীন বিধায়ক! বিধায়ক আৱাসৰ পৰা বিধায়ক সুৰেণ ফুকনৰ পুত্ৰৰ চাইকেল চুৰি।

নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা বিধায়ক আৱাসত নিৰাপত্তাহীন বিধায়ক! বিধায়ক আৱাসৰ পৰা বিধায়ক সুৰেণ ফুকনৰ পুত্ৰৰ চাইকেল চুৰি।

  • Share this:
ৰাজ্যৰ ভিতৰতে অতিকৈ কুৰক্ষিত বুলি বিবেচিত ৰাজধানী চৌহদত থকা বিধায়ক আবাসত হ'ব ধৰিছে ইটোৰ পিছত সিটো চুৰি কাণ্ড। বিধায়ক আৱাসত নিতৌ সংঘটিত হৈছে চুৰি কাণ্ড ৷ ধাৰাবাহিক ভাবে তিনিটা চুৰি কাণ্ড সংঘটিত হ'ল বিধায়ক আবাসত। প্ৰশ্ন হৈছে সুৰক্ষিত নহয় নেকি বিধায়ক আৱাস?

কিছুদিন পূৰ্বে বিধায়ক মৃণাল শইকীয়াৰ আবাসৰ পৰা চোৰে চাইকেল চুৰি কৰি নিয়াৰ পাছত এইবাৰ চোৰ সোমাল বিধায়ক সুৰেন ফুকনৰ আৱাসত ৷ বিধায়কগৰাকীৰ আৱাসৰ পৰা চোৰে লুটি নিলে পুত্ৰৰ চাইকেল । ১৮ আগষ্টত বিধায়ক ফুকনৰ পুত্ৰ সান্দীপ্ত ফুকনে ক্ৰয় কৰিছিল নতুন চাইকেল ৷ চাইকেল ক্ৰয় কৰাৰ মাথোন চাৰি দিন পাছত অৰ্থাৎ ২৩ আগষ্ট ত চোৰে চুৰি কৰি লৈ যায় ৷

উল্লেখ্য যে বিগত কিছু দিন পূৰ্বে মুকলি হৈছিল দিছপুৰৰ নতুন বিধায়ক আবাস ৷ নতুন আবাসৰ দ্বিতীয় মহলা ঠিকনা বিধায়ক সুৰেণ ফুকনৰ ৷ আৰু তাতে সংঘটিত হৈছে চুৰি ৷ ঘটনা সন্দৰ্ভত অৱগত কৰিছে দিছপুৰ আৰক্ষীক ৷ কিন্তু ঘটনাৰ দুটা দিন অতিক্ৰমৰ পাছতো আজিলৈ পোহৰলৈ নাহিল প্ৰকৃত ৰহস্য ৷

উল্লেখ্য যে বিধানসভাৰ বাজেট অধিবেশন চলি থকাৰ সময়তে দিছপুৰৰ পৰা চুৰি হৈছি বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ ইনোভা বাহন। পিছত বাহনখন বোকাখাটত উদ্ধাৰ হৈছিল।  দিছপুৰৰ এনে ঘটনাৰ পাছতে মহানগৰবাসীৰ প্ৰশ্ন, য'ত বিধায়কসকলেই সুৰক্ষিত নহয় সাধাৰণ লোকৰ সুৰক্ষা ক'ত?
Published by: Manjumoni Borah
First published: August 25, 2021, 11:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি