ভোগালী বিহু উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। উৰুকাৰ প্ৰাকক্ষণত বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ AQUACULTUTE & BIODIVERSITY CENTREৰ তত্বাৱধানত থকা 'INTEGRATED ORNAMENTAL FISH FARMING UNIT'ৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা হৈছে মৎস্য মেলাৰ।
বুধবাৰৰ পৰা আয়োজিত এই মেলাত অপূৰ্ব সমাহাৰ ঘটিছে ৰৌ, ভকুৱা, মিৰিকাৰ লগতে নানা থলুৱা মাছৰ। উল্লেখ্য যে, উৰুকাত পৰিয়ালৰ সৈতে লগে ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যেৰে মৎস্য মেলাৰ প্ৰথমটো দিনত ভিৰ কৰেহি বিশ্ববিদ্যালয়ৰ বহুসংখ্যক অধ্যাপক-কৰ্মচাৰীয়ে।
মন কৰিবলগীয়া কথা যে, প্ৰাণী বিজ্ঞান বিভাগৰ AQUACULTURE & BIODIVERSITY CENTREৰ তত্বাৱধানত থকা 'INTEGRATED ORNAMENTAL FISH FARMING UNIT'ৰ অধীনত আছে ৯ টাকৈ পুখুৰী। প্ৰাণী বিজ্ঞান বিভাগটোৰ অধ্যাপক, গৱেষক তথা প্ৰকল্প সহায়কে এই পুখুৰীসমূহত সংৰক্ষণ তথা পালন কৰিছে উত্তৰ-পূৱৰ ১১০ বিধ থলুৱা মাছ। ভোগালী বিহু উপলক্ষে বিভাগটোৱে ইয়াৰে ৫ টা পুখুৰীৰ মাছ বিক্ৰীৰ ব্যৱস্থা কৰিছে।
জানিব পৰা মতে, মৎস্য মেলাৰ আজিৰ দিনটোত প্ৰায় ৬ কুইন্টল মাছ বিক্ৰী হৈছে। ইফালে, কাইলৈ পুৱা ১০ বজাৰ পৰা ১২ বজালৈকে পুনৰ অনুষ্ঠিত হ'ব মৎস মেলাৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|