உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এখন বিশেষ বাহনলৈ ৰৈ থাকে বশিষ্ঠাশ্ৰম দেৱালয়ৰ শ শ কপিকূলৰ লগতে আন আন জীৱ-জন্তুসমূহ, কিন্তু কিয় ?

    এখন বিশেষ বাহনলৈ ৰৈ থাকে বশিষ্ঠাশ্ৰম দেৱালয়ৰ শ শ কপিকূলৰ লগতে আন আন জীৱ-জন্তুসমূহ, কিন্তু কিয় ?

    সন্ধ্যা-ললিতা-কান্তা নৈৰ সংগমস্থলীত আছে ৭০০তকৈ অধিক কপিকূল। ভক্ত নাহিলেও বেলতলাৰ বাসিন্দা ৰানাপ্ৰতাপ তালুকদাৰে প্ৰত্যেক দিনে যোগান ধৰি আহিছে  খাদ্য সামগ্ৰী।

    সন্ধ্যা-ললিতা-কান্তা নৈৰ সংগমস্থলীত আছে ৭০০তকৈ অধিক কপিকূল। ভক্ত নাহিলেও বেলতলাৰ বাসিন্দা ৰানাপ্ৰতাপ তালুকদাৰে প্ৰত্যেক দিনে যোগান ধৰি আহিছে  খাদ্য সামগ্ৰী।

    সন্ধ্যা-ললিতা-কান্তা নৈৰ সংগমস্থলীত আছে ৭০০তকৈ অধিক কপিকূল। ভক্ত নাহিলেও বেলতলাৰ বাসিন্দা ৰানাপ্ৰতাপ তালুকদাৰে প্ৰত্যেক দিনে যোগান ধৰি আহিছে  খাদ্য সামগ্ৰী।

    • Share this:
    ৰাজ্যত কাল ক'ৰোনাৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি বন্ধ হৈ পৰিছে ঐতিহাসিক মঠ মন্দিৰ সমুহ। মঠ মন্দিৰ সমুহ বন্ধ হোৱাৰ লগে লগে বন্ধ হয় পৰিছে ভক্তৰ আহ যাহ ।

    ভক্তৰ সমাগম নোহোৱাৰ বাবে তীব্ৰ খাদ্য সংকটত পৰিছে মঠমন্দিৰত থকা জীৱ-জন্তুসমুহ । সন্ধ্যা-ললিতা-কান্তা নৈৰ সংগমস্থলীত আছে ৭০০তকৈ অধিক কপিকূল। ভক্ত নাহিলেও বেলতলাৰ বাসিন্দা ৰানাপ্ৰতাপ তালুকদাৰে প্ৰত্যেক দিনে যোগান ধৰি আহিছে  খাদ্য সামগ্ৰী। ২০২০ চনৰ লকডাউনৰ সময়ৰে পৰা আজিলৈকে প্ৰত্যেক দিনে দুৱাৰকৈ বশিষ্ঠাশ্ৰম দেৱালয়ত থকা কপিকূল, ছাগলী, পাৰ চৰাইক যোগান ধৰি আহিছে খাদ্য সামগ্ৰী। ইয়াৰ উপৰিও ২০২০ চনৰ লকডাউনৰ সময়ত অসহায় হৈ পৰা  ১০০০ পৰিয়ালক যোগান ধৰিছে খাদ্য সামগ্ৰী। সম্পূৰ্ণ নিজৰ গাঠিৰ ধন ভাঙি এইধৰনৰ কাম কৰি আহিছে সুহৃদয়বান সমাজকৰ্মী ৰানাপ্ৰতাপ তালুকদাৰে।

    ৰানাপ্ৰতাপ তালুকদাৰৰ বিশেষ বাহনখনলৈ অপেক্ষাৰত হয় থাকে কপিকূল। মানুহজনৰ উপস্থিতিৰ কথা গম পালে আগুৰি ধৰে কপিকূল, গাত জপিয়াই উঠে এটাৰ পিছিত আন এটা কপিকূল। দিনে দুবাৰকৈ খাদ্য দিয়া ৰানাপ্ৰতাপ তালুকদাৰে দিনে যোগান ধৰিছে ২০ কেজি বুট, ৪০ পেকেট বিস্কুত। সমাজকৰ্মীজনৰ মতে বশিষ্ঠাশ্ৰম দেৱালয়ত কপিকূল আছে ৮  শতাধিক , পাৰ চৰাই আছে তিনি শতাধিক, ছাগলী আছে ৫০টা। ৰানাপ্ৰতাপ তালুকদাৰৰ এই মহানুভৱতাক শলাগিছে দেৱালয় পৰিচালনা সমিতিয়ে. ৰানাপ্ৰতাপ তালুকদাৰ হওঁক সমাজৰ বাবে এক অনুপ্ৰেৰণা, এক আদৰ্শ।
    Published by:Kokil Sarma
    First published: