Magh Bihu: অসমীয়াৰ প্ৰাণৰ উৎসৱ ভোগালী বিহুত বৰষুণে বিধি পঠালি দিব নেকি? অসমীয়াৰ প্ৰাণৰ উৎসৱ ভোগালীক লৈ এতিয়া চৌদিশে পাৰ ভঙা উছাহ । বৃহস্পতিবাৰে ভোগালী বিহুৰ উৰুকা। উৰুকাৰ নিশা অসমবাসীয়ে ঠায়ে ঠায়ে ৰাজহুৱাকৈ লগে ভাগে এসাজ জুতি লগাই খোৱাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে বিধি পঠালি দিব নেকি বৰুণ দেৱতাই। উৰুকাৰ ভোজ আৰু ভোগৰ ভোগালীত বতৰে ঢালিব নেকি চেচা পানী?
অসমবাসীয়ে এইবাৰ বৰষুণৰ মাজেৰেই পাৰ কৰিবলগীয়া হ'ব পাৰে হোঁপাহৰ ভোগালী বিহু। কিয়নো বংগোপ সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ প্ৰভাৱত বৰষুণ হ'ব পাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত। বিগত ২৪ ঘণ্টাত ইতিমধ্যে অসমৰ কিছু কিছু ঠাইত বৰষুণ হোৱাৰ উপৰি শীত লহৰ আৰু ডাঠ কুঁৱলী পৰিছে। উৰুকাৰ দিনাও নিশা অসমৰ বহু ঠাইত বৰষুণ আহিব পাৰে।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰৰ আগজাননী মতে উৰুকাৰ দিনাও অসমৰ বহু ঠাইত বৰষুণ অহাৰ সম্ভাৱনা আছে। ইমানেই নহয়, পহিলা মাঘ আৰু দুই মাঘৰ দিনাও পাতলীয়া বৰষুণৰ সম্ভৱনা আছে অসমৰ কিছু কিছু ঠাইত।
বংগোপ সাগৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমত বিজুলী-ঢেৰেকণিৰে বৰষুণ হোৱাৰ লগতে আগন্তুক দুই দিনলৈ অসমত ডাঠ কুৱালীও থাকিব ।
Published by: Manjumoni Borah
First published: January 12, 2022, 20:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|