Weather|Saraswati Puja: শনিবাৰে সৰস্বতী পূজাৰ দিনটোত অসমৰ বহু ঠাইত পাতলীয়াৰ পৰা ধাৰাসাৰ বৰষুণ আহিব পাৰে।
এইবাৰ সৰস্বতী পূজাৰ আনন্দ ম্লান পেলাব পাৰে বতৰে । পুনৰ আগজাননি জাৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমৰ বিভিন্ন ঠাইত বৰষুণৰ সম্ভআৱনা আছে। বিগত কেইবাদিনধৰি ৰাজ্যৰ ঠায়ে ঠায়ে বৰষুণৰ লগতে আছে প্ৰচণ্ড শীত।
ঠিক তেনেদৰে অহা ৫ ফেব্ৰুৱাৰী অৰ্থাৎ শনিবাৰে সৰস্বতী পূজাৰ দিনটোত অসমৰ বহু ঠাইত পাতলীয়াৰ পৰা ধাৰাসাৰ বৰষুণ আহিব পাৰে। বিশেষকৈ পশ্চিম অসমৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ অহাৰ উপৰিও অসমৰ বহু ঠাইত দিনটো নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আছে। ইতিমধ্যে আজিও গোটেই দিনটো বৰষুণ পৰিছে ।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ উচ্চতাত উৎপত্তি হোৱা ধুমুহাই বাংলাদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ঠাইত চুই যোৱাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰৰ ৰাজ্যসমূহত বৰষুণৰ সম্ভাৱনা আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|