অৱশেষত স্বগৃহত উপস্থিত বহিঃৰাজ্যত চাকৰি কৰিব গৈ নিখোজ হোৱা যুৱক সূৰুজ জামাল

মহানগৰ আৰক্ষীয়ে কাশ্মীৰৰ পৰা উদ্ধাৰ কৰি পৰিয়ালক গতাই দিয়ে যুৱকজনক। ১৪ জুনত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল গাড়ীগাঁৱৰ সূৰুজ জামাল।

News18-Assam
Updated:July 2, 2019, 9:03 AM IST
অৱশেষত স্বগৃহত উপস্থিত বহিঃৰাজ্যত চাকৰি কৰিব গৈ নিখোজ হোৱা যুৱক সূৰুজ জামাল
মহানগৰ আৰক্ষীয়ে কাশ্মীৰৰ পৰা উদ্ধাৰ কৰি পৰিয়ালক গতাই দিয়ে যুৱকজনক। ১৪ জুনত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল গাড়ীগাঁৱৰ সূৰুজ জামাল।
News18-Assam
Updated: July 2, 2019, 9:03 AM IST
অৱশেষত স্বগৃহত উপস্থিত হ’ল বহিঃৰাজ্যত চাকৰি কৰিব গৈ নিখোজ হৈ থকা মহানগৰীৰ গাড়ীগাঁৱৰ যুৱক সূৰুজ জামাল। মহানগৰ আৰক্ষীয়ে কাশ্মীৰৰ পৰা উদ্ধাৰ কৰি পৰিয়ালক গতাই দিয়ে যুৱকজনক। ১৪ জুনত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল গাড়ীগাঁৱৰ সূৰুজ জামাল। কোনো সন্ত্ৰাসবাদী সংগঠনত ভৰ্তি কৰোৱাৰ বাবে যুৱকজনক লৈ যোৱাৰ বাতৰি বিয়পি পৰিছিল সমগ্ৰ দেশত। ইয়াৰ পিছৰে পৰিয়ালৰ এহাজাৰৰ ভিত্তিত আৰু মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ তৎপৰতাত জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই জম্মু কাশ্মীৰৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি গুৱাহাটীলৈ আনে নিৰুদ্দিষ্ট সুৰজ জামালক।



ৰঙিয়াৰ পাপ্পু নামৰ এজন লোকে চাকৰি দিয়াৰ প্রলোভনৰে প্ৰথমে দিল্লী আৰু তাৰ পিছত জম্মু–কাশ্মীৰলৈ লৈ গৈছিল ১৮ জনীয়া যুৱক-যুৱতীৰ এটা দলক। জম্মুলৈ লৈ যায়এটা কোঠালীত বন্দী কৰি ৰাখিছিল যুৱক–যুৱতীসকলক। আৰক্ষীৰ তৎপৰতাত যুৱকজনক উদ্ধাৰ কৰিলে যদিও এতিয়াও জালত পৰা নাই অসমৰ যুৱক-যুৱতী সৰবৰাহ কৰা চক্ৰটোৰ মূল মাষ্টৰমাইণ্ড। ইফালে পুত্ৰক ঘূৰাই পোৱাৰ পিছতে আৰক্ষী, সংবাদ মাধ্যমক আৰু অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জনালে সুৰজৰ পৰিয়ালে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি