মহানগৰীত পূজাৰ আনন্দৰ মাজতে ASTCৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ আত্মহত্যা, পাবলগীয়া টকা নাপাই দিশহাৰা হৈ পৰিছিল দুই কন্যাৰ পিতৃ অনিল কলিতা

অষ্টমীৰ নিশা পৰিয়ালৰ লোকে পূজা চাবলৈ যাওঁতে আত্মহত্যা কৰিলে দুৰ্ভগীয়া অনিল

News18-Assam
Updated:October 7, 2019, 1:09 PM IST
মহানগৰীত পূজাৰ আনন্দৰ মাজতে ASTCৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ আত্মহত্যা, পাবলগীয়া টকা নাপাই দিশহাৰা হৈ পৰিছিল দুই কন্যাৰ পিতৃ অনিল কলিতা
অষ্টমীৰ নিশা পৰিয়ালৰ লোকে পূজা চাবলৈ যাওঁতে আত্মহত্যা কৰিলে দুৰ্ভগীয়া অনিল
News18-Assam
Updated: October 7, 2019, 1:09 PM IST
দুৰ্গোৎসৱৰ আনন্দৰ মাজতে মহানগৰীত এটা দুঃখবৰ। বাসগৃহত চিপ লৈ আত্মহত্যা  ASTCৰ অৱসৰপ্ৰাপ্ত বিষয়া অনিল কলিতাৰ ২০১৭ চনতেই অৱসৰ লোৱা বিষয়া জনে পোৱা নাছিল retirement beneficiary। যাৰ বাবে ৫জনীয়া পৰিয়াল চলাব অসুবিধা পাইছিল বিষয়া জনে। ধনৰ অভাৱত নিজৰ ল'ৰাক উচ্চ শিক্ষা দিব পৰা নাছিল অনিল কলিতাই, লগতে দুজনী কে ছোৱালীক বিয়া দিব নোৱাৰি অনিল কলিতা হতাশাগ্ৰস্ত পৰিছিল বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে অনিল কলিতাৰ পৰিয়ালৰ লোকে নুনমাটি থানাত এজাহাৰ দিছে। নুনমাটিৰ গোপাল নগৰৰ বাসিন্দা আছিল অনিল কলিতা।
অভিযোগ মতে, ASTCৰ বহু বিষয়া–কৰ্মচাৰীয়ে পোৱা নাই beneficiary। যাৰ বাবে কৰ্মচাৰী সকলে প্ৰতিবাদ কৰিছে যদিও বিভাগৰ উচ্চ পদস্থৰ বিষয়াই গাপ দি ৰখাৰ বাবে পোহৰলৈ অহা নাছিল সমগ্ৰ বিষয়। উল্লেখযোগ্য যে, অষ্টমীৰ নিশা পৰিয়ালৰ লোকে পূজা চাবলৈ যাওঁতে আত্মহত্যা কৰিলে দুৰ্ভগীয়া অনিল কলিতাই।

 
আৰু চাওক পৰৱৰ্তী বাতৰি