কোভিডত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত চিকিৎসাধীন হৈ আছিল অৰুণ দাস আৰু তেওঁৰ পত্নী। কোভিড নিগেটিভ হোৱাৰ পিছতো বিভিন্ন অসুবিধাৰ বাবে ঘৰলৈ যাব পৰা নাছিল দুয়ো। অৱশেষত নিজৰ স্বভাৱসুলভ মহানুভৱতাৰে আগবাঢ়ি আহিল জুবিন গাৰ্গ আৰু জয়ন্ত কাকতি।
গায়ক অৰুণ দাস আৰু তেওঁৰ পত্নীৰ চিকিৎসাৰ ব্যৱস্থা কৰিব জুবিন গাৰ্গ, জয়ন্ত কাকতি আৰু কেইবাজনো শিল্পীয়ে। জুবিনৰ তৎপৰতাত আজি ঘৰলৈ নিয়া হ’ল গায়কজনক।
চিকিৎসালয়ৰ পৰা অহাৰ পিছত সৰুমটৰীয়াৰ বাসগৃহত থাকিব অৰুণ দাস আৰু তেওঁৰ পত্নী। অকালশৰীয়া দুয়োকে নিজাববীয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰিছে জুবিন আৰু জয়ন্তই।
শিল্পী অৰুণ দাসৰ চিকি স্থায়ী ব্যবস্থা কৰিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে জয়ন্ত কাকতিয়ে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰীৰ সৈতে আলোচনা কৰিছে দুয়োজনে।
অৰুণ দাস ঘৰলৈ উভতি যোৱাত আনন্দ প্ৰকাশ কৰিছে শিল্পীসকলে।
৯০ দশকত অসমৰ মঞ্চত আলোড়ন সৃষ্টি কৰিছিল গায়ক অৰুণ দাসে। কোভিড নিগেটিভ হোৱাৰ পিছতো শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈ থাকিবলগীয়া হৈছিল অৰুণ দাস আৰু তেওঁৰ পত্নী। দুয়োৰে বিপদৰ সময়ত কাষত নাছিল পৰিয়ালবৰ্গৰ কোনো লোক। এটা ভিডিঅ’ বাৰ্তা দি এই বিপদৰ কথা জনাইছিল অৰুণ দাসে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|