• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ মহিলা আৰু শিশু বিকাশ বিভাগক উচ্চ প্ৰশংসা কেন্দ্ৰীয় চৰকাৰৰ সচিব ইডিভাৰ পাণ্ডেৰ ...

অসমৰ মহিলা আৰু শিশু বিকাশ বিভাগক উচ্চ প্ৰশংসা কেন্দ্ৰীয় চৰকাৰৰ সচিব ইডিভাৰ পাণ্ডেৰ ...

কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ জ্যেষ্ঠ সচিব ইডিভাৰ পাণ্ডেৰ তত্বাৱধানত আজি এখন ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দিছপুৰৰ পৰা অংশগ্ৰহণ কৰে ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে। "দেশৰ মহিলা আৰু শিশুৰ বিকাশৰ ক্ষেত্ৰত অসম আদৰ্শ হ'ব পাৰে"- পাণ্ডে।

  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ জ্যেষ্ঠ সচিব ইডিভাৰ পাণ্ডেৰ তত্বাৱধানত আজি এখন ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দিছপুৰৰ পৰা অংশগ্ৰহণ কৰে ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে।

কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলে বৈঠকত আমাৰ ৰাজ্যত অংগনৱাড়ী আৰু পোষণ ২.০ অভিযান, বাৎসল্য অভিযান, শক্তি অভিযানকে ধৰি মহিলা আৰু শিশুৰ উন্নয়নৰ বাবে ৰূপায়িত আচঁনিসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে বিভাগীয় মন্ত্ৰী অজন্তা নেওগৰ লগত মত বিনিময় কৰে। কেন্দ্ৰীয় চৰকাৰৰ বিষয়াবৰ্গই ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ বিভাগে নির্মাণ কৰা কৰা ১০০০ টা অংগনৱাড়ী কেন্দ্ৰ স্থাপনকে ধৰি শিশু আৰু নাৰীৰ উন্নয়নৰ বাবে কৰা কামৰ ভূয়সী প্ৰশংসা কৰে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ সচিব ইডিভাৰ পাণ্ডেই কয় যে, মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত অসম চৰকাৰে মহিলা আৰু শিশুৰ উন্নয়নৰ বাবে কৰা কাম দেশৰ অন্য ৰাজ্যৰ বাবে আদৰ্শ স্বৰূপ। সচিব গৰাকীয়ে লগতে কয় যে, অসমৰ মহিলা আৰু শিশু বিকাশ বিভাগে কেন্দ্ৰীয় পুঁজিৰ এশ শতাংশ ব্যৱহাৰিক প্ৰমাণ পত্ৰ কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিছে আৰু এই ক্ষেত্ৰটো দেশৰ অন্য ৰাজ্যই অসমক অনুসৰণ কৰিব লাগে।

আজিৰ এই ভাৰ্চুৱেল বৈঠকত ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ প্ৰধান সচিব মুকেশ চাহু, সচিব পার্থ প্ৰতিম মজুমদাৰ, যুটীয়া সচিব গৌৰীশংকৰ শৰ্মা আৰু সঞ্চালক বিভাষ কুমাৰ মোদী উপস্থিত আছিল।
Published by:Kokil Sarma
First published: