உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Education in Assam: ষষ্ঠ শ্ৰেণীৰ পৰাই ইংৰাজী ভাষাত হ’ব অংক আৰু বিজ্ঞান পাঠ্যক্ৰমৰ আংশিক পাঠদান; মাধ্যমিক শিক্ষাত আমূল পৰিবৰ্তন

    Education in Assam: ষষ্ঠ শ্ৰেণীৰ পৰাই ইংৰাজী ভাষাত হ’ব অংক আৰু বিজ্ঞান পাঠ্যক্ৰমৰ আংশিক পাঠদান; মাধ্যমিক শিক্ষাত আমূল পৰিবৰ্তন

    সাংকেতিক ছবি

    সাংকেতিক ছবি

    Education in Assam: অংক আৰু বিজ্ঞানৰ শিক্ষক সকলক IIT-Guwahatiত দিয়া হ’ব প্ৰশিক্ষণ; অসম চৰকাৰ আৰু IITৰ মাজত স্বাক্ষৰ হ’ব MoU 

    • Share this:
    অসমৰ ছাত্ৰ-ছাত্ৰীৰ সৰ্বভাৰতীয় পৰ্যায়ৰ নিয়োগ তথা উচ্চ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ কাৰণে হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাত ফলাফল আশা ব্যঞ্জক নোহোৱালৈ লক্ষ্য ৰাখি অসম চৰকাৰে মাধ্যমিক শিক্ষা (Secondary Education) খণ্ডৰ বিভিন্ন পৰ্যায়ত কেতবোৰ আমূল পৰিবৰ্তন অনাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ।  শিক্ষক সকলোকো বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ।

    ইতিমধ্যে অসম চৰকাৰে শিক্ষা উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তৰ নেতৃত্বত গঠন কৰা  কমিটিয়ে এই সন্দৰ্ভত বিভিন্ন কাৰ্যকৰী পৰামৰ্শ আগবঢ়াই প্ৰতিবেদন দাখিল কৰিছে । কমিটিয়ে চৰকাৰী স্কুল সমূহত নিম্ন মাধ্যমিক পৰ্যায়ৰ পৰাই Spoken Englishৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছে । আৰু সৰ্বমুঠ মূল্যাংকনৰ ২০শতাংশ Spoken Englishত ধাৰ্য কৰাৰ পৰামৰ্শ আগবঢ়াইছে ।

    তদুপৰি অংক (Mathematics) আৰু বিজ্ঞানৰ (Science) পাঠ্যক্ৰমৰ এটা অংশৰ পাঠদান ইংৰাজীত প্রদান কৰা হ’ব । প্ৰতিবেদনত উল্লেখ কৰা মতে চৰকাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী (Assam Govt School) সকলে অংক আৰু বিজ্ঞানৰ শিক্ষা অসমীয়া মাধ্যমত গ্ৰহণ কৰাৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত কিছু সমস্যাৰ সন্মুখীন হয় । সেয়ে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অংক আৰু বিজ্ঞানৰ একাংশ পাঠ্যক্ৰমৰ ইংৰাজীত পাঠদান কৰা হ’ব । পৰীক্ষাত ৭৫শতাংশ মূল্যাংকন অসমীয়াত আৰু ২৫শতাংশ মূল্যাংকন ইংৰাজীত কৰা হ’ব । এই পদ্ধতিৰে ছাত্ৰ ছাত্ৰী সকলে অংক আৰু বিজ্ঞানৰ বিষয়সমূহ ইংৰাজী ভাষাতো বোধগম্য কৰাত সহায়ক হ’ব বুলি আশা কৰা হৈছে ।

    উল্লেখযোগ্য যে, চৰকাৰী বিদ্যালয়ৰ অংক আৰু বিজ্ঞানৰ শিক্ষক সকলক Indian Institute of Technology Guwahatiত বিশেষ প্ৰশিক্ষণ দিয়া হ’ব । এই দিশত অসম চৰকাৰে IIT-Guwahatiৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিব । লগতে চৰকাৰে বিজ্ঞান শিক্ষাৰ জনপ্রিয় কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব।
    Published by:Manjumoni Borah
    First published: