• Home
  • »
  • News
  • »
  • assam
  • »
  • MLA Akhil Gogoi : আহি আছে অখিল গগৈ ৷ কাইলৈ বিধানসভালৈ আহিব কাৰাৰুদ্ধ বিধায়ক অখিল গগৈ।

MLA Akhil Gogoi : আহি আছে অখিল গগৈ ৷ কাইলৈ বিধানসভালৈ আহিব কাৰাৰুদ্ধ বিধায়ক অখিল গগৈ।

কাইলৈ বিধায়ক ৰূপে শপত গ্ৰহণ কৰিব অখিল গগৈয়ে৷ শিৱসাগৰৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল কাৰাবন্দী অখিল গগৈ। NIA আদালতে শপত গ্ৰহণৰ বাবে দিছে অনুমতি। এবছৰতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ আছে অখিল।

  • Share this:
শুকুৰবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ কঠোৰ নিৰাপত্তা বেস্তনীৰ মাজত অসম বিধানসভালৈ আহিব সংগ্ৰামী নেতা তথা ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈ ৷

শুকুৰবাৰৰ পৰা আৰম্ভ হ'বলগীয়া ১৫ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত আন নৱ নিৰ্বাচিত বিধায়কসকলৰ লগতে অখিল গগৈয়েও শপতগ্ৰহণ কৰিব ৷

আহি আছে অখিল গগৈ ৷ বিধানসভালৈ আহি আছে অখিল গগৈ ৷ আন্দোলনৰ কৰিবলৈ নহয়, কাইলৈ অখিল গগৈ অসম বিধানসভালৈ আহিব শপত গ্ৰহণৰ বাবে ৷ ১৫ সংখ্যক অসম বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ পৰা শিৱসাগৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্ৱিতা কৰি জয়ী হৈছে সংগ্ৰামী নেতা অখিল গগৈ ৷

NIAৰ গোচৰত এবছৰতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ থকা অখিল গগৈয়ে কাৰাগাৰৰ পৰাই খেলিছিল নিৰ্বাচন ৷ ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ ৰাইজে বিধানসভাৰ মজিয়ালৈ জয়ী কৰি পঠিওৱা অখিল গগৈ এতিয়াও কাৰাৰুদ্ধ ৷ স্বাস্থ্যজনিত কাৰণত GMCHত চিকিৎসাধীন অখিল গগৈয়ে বিধায়ক হিচাপে শপতগ্ৰহণৰ সুবিধা কৰি দিবলৈ আদালতত জনাইছিল আবেদন ৷ সেই আবেদনৰ ভিত্তিত NIAৰ আদালতে অখিল গগৈক বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অনুমতি দিছিল ৷

NIA আদালতৰ অনুমতিৰ পিছত কাইলৈ পুৱা কাৰাৰুদ্ধ অখিল গগৈ GMCHৰ পৰা পোনে পোনে আহিব অসম বিধানসভাৰ মজিয়ালৈ ৷ শপতগ্ৰহণ কৰিব বিধায়ক হিচাপে ৷ বিধানসভাৰ প্ৰ'টেম অধ্যক্ষ হিচাপে ফণীভূষণ চৌধুৰীয়ে আন আন বিধায়কসকলৰ লগতে অখিল গগৈকো বিধায়ক হিচাপে শপতগ্ৰহণ কৰাব ৷ শপতগ্ৰহণৰ পিছত অখিল গগৈ পুনৰ ঘূৰি যাব লাগিব কাৰাগাৰলৈ ৷

কাৰাৰুদ্ধ অখিল গগৈ GMCHৰ পৰা বিধানসভালৈ অহাৰ সময়ত কাৰাগাৰ কৰ্তৃপক্ষৰ কঠোৰ নিৰাপত্তা বেস্তনীৰ মাজত আহিব আৰু শপত গ্ৰহণ কৰি পুনৰ সেই নিৰাপত্তা বেস্তনীৰ মাজতেই GMCHলৈ উভটি যাব লাগিব ৷
Published by:Manjumoni Borah
First published: