মূল্যবৃদ্ধিৰ পৰা ৰাইজক পৰিত্ৰাণ পোৱাৰ বাবে যোগান বিভাগে গঠন কৰিব এনফৰ্চমেণ্ট টিম। টাস্ক ফৰ্চে বজাৰে বজাৰে চলাব অভিযান।প্ৰতিখন বজাৰৰ ফলকত ব্যৱসায়ীয়ে লিখিব লাগিব সামগ্ৰীৰ মূল্য, পাইকাৰী বজাৰৰ কিনি অনা সামগ্ৰী খুচুৰা ব্যৱসায়ীসকলে বিক্ৰী কৰিব পাৰিব কেৱল ৫ ৰ পৰা ৬ টকাৰ অধিক মূল্যত।
মূল্যবৃদ্ধিৰ পৰা ৰাইজক পৰিত্ৰাণ পোৱাৰ বাবে যোগান বিভাগে গঠন কৰিব এনফৰ্চমেণ্ট টিম। টাস্ক ফৰ্চে বজাৰে বজাৰে চলাব অভিযান।প্ৰতিখন বজাৰৰ ফলকত ব্যৱসায়ীয়ে লিখিব লাগিব সামগ্ৰীৰ মূল্য, পাইকাৰী বজাৰৰ কিনি অনা সামগ্ৰী খুচুৰা ব্যৱসায়ীসকলে বিক্ৰী কৰিব পাৰিব কেৱল ৫ ৰ পৰা ৬ টকাৰ অধিক মূল্যত।
Price Hike: ৰাজ্যত আকাশলংঘী খাদ্য সামগ্ৰীৰ মূল্য। পিঁয়াজৰ লগতে দুগুণে বৃদ্ধি খাদ্য শাক-পাচলিৰ মূল্যও। ইয়াৰ মূল কাৰণে হৈছে খুচুৰা ব্যৱসায়ীসকলে যধে-মধে কৰা দাম বৃদ্ধি।ৰাইজক কেনেকৈ সকাহ দিব পাৰি, তাকে লৈ যোগান বিভাগ,পাইকাৰী ব্যৱসায়ী আৰু চেম্বাৰ্চ অফ কমাৰ্চৰ সৈতে বৈঠক যোগানমন্ত্ৰী ৰঞ্জিত দাসৰ।
মূল্যবৃদ্ধিৰ পৰা ৰাইজক পৰিত্ৰাণ পোৱাৰ বাবে যোগান বিভাগে গঠন কৰিব এনফৰ্চমেণ্ট টিম। টাস্ক ফৰ্চে বজাৰে বজাৰে চলাব অভিযান।প্ৰতিখন বজাৰৰ ফলকত ব্যৱসায়ীয়ে লিখিব লাগিব সামগ্ৰীৰ মূল্য, পাইকাৰী বজাৰৰ কিনি অনা সামগ্ৰী খুচুৰা ব্যৱসায়ীসকলে বিক্ৰী কৰিব পাৰিব কেৱল ৫ ৰ পৰা ৬ টকাৰ অধিক মূল্যত।এই নীতি উলংঘা কৰিলে খুচুৰা ব্যৱসায়ীয়ে সন্মুখীন হ'ব শাস্তিৰ । মহানগৰীৰ কোনখন বজাৰত সামগ্ৰীৰ মূল্য কিমান? তাক জানিবলৈ শীঘ্ৰে গ্ৰাহকৰ বাবে যোগান বিভাগে মুকলি কৰিব এপ।আনহাতে,দেশত সৰিয়হ খেতি চলিব বৰ্ষত অধিক হোৱাৰ বাবে ডিচেম্বৰ মাহৰ পৰা মিঠাতেল মূল্য হ্ৰাস হোৱাৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে।ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত অসমত অত্যাৱশকীয় সামগ্ৰীৰ মূল্য অধিক নোহোৱাৰ কথা ক'লে মন্ত্ৰী ৰঞ্জিত দাসে। এই বৈঠক চলি থকাৰ সমান্তৰালকৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিধায়ক মনোৰঞ্জন দাসৰ নেতৃত্বত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে চি পি আই এমে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|