• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Cabinet : নতুন মন্ত্ৰীসভাত কোনে পাব কি দপ্তৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ হাতত দপ্তৰৰ ফাইল। ছচিয়েল মিডিয়াতো ভাইৰেল তালিকা!

Assam Cabinet : নতুন মন্ত্ৰীসভাত কোনে পাব কি দপ্তৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ হাতত দপ্তৰৰ ফাইল। ছচিয়েল মিডিয়াতো ভাইৰেল তালিকা!

"মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ সন্দৰ্ভত ছচিয়েল মিডিয়াত যি তালিকা প্ৰকাশ পাইছে সেয়া সত্য নহয়। এয়া মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ এক্তিয়াৰৰ বিষয়" :  ৰণজিত দাস

  • Share this:
নতুন চৰাকৰে সোমবাৰে শপত গ্ৰহণ কৰিলে যদিও এইপৰ্যন্ত কোনো মন্ত্ৰীক দপ্তৰ বিতৰণ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক হোৱাৰ কথা আছে যদিও এই পৰ্যন্ত মন্ত্ৰীসকলে কেবিনেট বৈঠক সন্দৰ্ভতো কোনো ন’টিচ পোৱা নাই। এই মন্তব্য কেবিনেট মন্ত্ৰী ৰণজিত দাসৰ।

"মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ সন্দৰ্ভত ছচিয়েল মিডিয়াত যি তালিকা প্ৰকাশ পাইছে সেয়া সত্য নহয়। এয়া মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ এক্তিয়াৰৰ বিষয়" বুলি মন্তব্য কৰে  ৰণজিত দাসে।

আনহাতে জানিব পৰা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দপ্তৰ বিতৰণৰ তালিকা চুড়ান্ত কৰিছে যদিও বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদনৰ পিছতহে আনুষ্ঠানকভাবে বিতৰণ হ'ব দপ্তৰসমূহ ৷ দপ্তৰৰ তালিকা ইতিমধ্যে দিল্লীলৈ প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে। এই প্ৰক্ৰিয়া আজিয়ে সম্পাদন হোৱাৰ আশা ৷

দপ্তৰ বিতৰণৰ পাছতে কেবিনেট বৈঠক হোৱাৰ আশা ৷
Published by:Manjumoni Borah
First published: