• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যৰ ৩৬৪ জন লোকৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল PSO, হীৰেন নাথৰ ঘোষণা

ৰাজ্যৰ ৩৬৪ জন লোকৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল PSO, হীৰেন নাথৰ ঘোষণা

এতিয়াৰে পৰা যিকোনো লোকে টকা দিলেও নাপাব PSO

এতিয়াৰে পৰা যিকোনো লোকে টকা দিলেও নাপাব PSO

এতিয়াৰে পৰা যিকোনো লোকে টকা দিলেও নাপাব PSO

  • Share this:
ৰাজ্যৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ই PSO সংস্কৃতি ত্যাগ কৰিবলৈ আহ্বান জনোৱাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগিছিল ৷ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্য প্ৰায় ৫০জন প্ৰাক্তন মন্ত্ৰী, সাংসদ, ব্যৱসায়ী তথা ৰাজনৈতিক নেতাই দেহৰক্ষী ত্যাগ কৰিলেও বহুজনে লগত ৰাখিছিল PSO ৷ এতিয়া এই লোকসকলৰো দেহৰক্ষী আতৰোৱা হৈছে।

শেহতীয়াকৈ State Security Review Committeeৰ ৰিপ'ৰ্টত ৰাজ্যৰ ৩৬৪জন ৰাজনৈতিক নেতা, পালিনেতা, প্ৰাক্তন মন্ত্ৰী-সাংসদ, প্ৰাক্তন বিধায়ক, চেয়াৰমেন আৰু ব্যৱসায়ীৰ জীৱনৰ প্ৰতি ভাবুকি নথকাৰ তথ্য লাভ কৰিছিল ৷ অসমৰ বৰ্তমানৰ আইন শৃংখলাজনিত পৰিবেশ উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ৭২৬জন PSO প্ৰত্যাহাৰ কৰাৰ কথা বৃহস্পতিবাৰে ঘোষণা কৰিলে অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্ৰধান হীৰেন নাথে ৷

অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান হীৰেন নাথৰ মতে এতিয়াৰে পৰা টকা দিলেও যিকোনো লোকে লাভ কৰিব নোৱাৰিব দেহৰক্ষী ৷ মুখ্যমন্ত্ৰীৰ ক্ষেএত গাড়ী কমোৱা হৈছে যদিও নিৰাপত্তাৰ ক্ষেএত কোনো ৰিস্ক লোৱা নাই বুলি মন্তব্য কৰিলে অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্ৰধান হীৰেন নাথে ৷
Published by:Manjumoni Borah
First published: