কোৰোণাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ ইংগিত দিছে নৱ নিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পিছত আগন্তুক ১৫ দিনৰ বাবে কোৰোণা বিৰোধী কঠোৰ স্থিতি লোৱাৰ কথা ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ছচিয়েল মিডিয়াযোগে এই কথা কৰিলে প্ৰকাশ।
I visited GMCH and along with Pr Secy Health, Guwahati Police Commissioner, DC Kamrup and other health officials, discussed strict measures that need to be deployed over next 15 days to contain #COVID19. In view of escalating cases, we need tough measures. pic.twitter.com/0YvmzXOLTD
— Himanta Biswa Sarma (@himantabiswa) May 10, 2021
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কোৰোণা পৰিস্থিতিৰ বুজ লোৱাৰ পিছত এই ঘোষণা মতুন মুখ্যমন্ত্ৰীৰ। স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, গুৱাহাটী াৰক্ষী আয়ুক্ত, কামৰূপ মহানগৰ উপাযুক্ত আৰু স্বাস্থ্য বিভাগৰ অন্য বিষয়াসকলৰ সৈতে আলোচনাৰ পিছত এই কঠোৰ পদক্ষেপ লোৱাৰ ইংগিত গিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কোৰোণাৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ১৫ দিনৰ বাবে কঠোৰ পদক্ষেপৰ ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে।
পিছে লকডাউন দিব নে বাধা নিষেধ অধিক কঠোৰ কৰিব সেয়া নিশ্চিত কৰা নাই। শীঘ্ৰেই এই সন্দৰ্ভত নতুন মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ সম্ভাৱনা আছে।
আনহাতে আজি অসমত নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ৫,৮০৩ গৰাকী লোক আৰু মৃত্যু মুখত পৰিছে ৭৭ গৰাকী।
Summary of 10/5/2021
Today’s Total 5803
Overall Positivity Percentage (5803 cases out of 72197 test done = 8.04%)
Kamrup(M) 1481
Death 77
Recovery Rate 88.29%
— Himanta Biswa Sarma (@himantabiswa) May 10, 2021