মালিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত বহুদিন ধৰি পৰিত্যক্ত অৱস্থাত আছে ডেৰশৰো অধিক স্কুটী।
মালিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত বহুদিন ধৰি পৰিত্যক্ত অৱস্থাত আছে ডেৰশৰো অধিক স্কুটী।
ৰাজ্যৰ শিক্ষা বিভাগৰ চূড়ান্ত কাণ্ডজ্ঞানহীনতা। পৰিত্যক্ত অৱস্থাত ৰাখিছে ২০২০ বৰ্ষত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীৰ বাবে আৱণ্টিত ডেৰ শতাধিক ৰঙা স্কুটী।
মালিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত বহুদিন ধৰি পৰিত্যক্ত অৱস্থাত আছে এই স্কুটীসমূহ।
উল্লেখ্য যে, ৰ'দ-বৰষুণত দিনে নিশাই পৰি উৱলি যোৱাৰ উপক্ৰম হৈছে স্কুটীসমূহ। হাবি-জংঘলৰ মাজত অতি বেয়া অৱস্থাত ৰখা হৈছে এই স্কুটীসমূহ। স্কুটীসমূহ ভালকৈ ৰখাৰ বাবেও বিভাগীয় কৰ্তৃপক্ষই কোনো তৎপৰতা প্ৰদৰ্শন কৰা নাই।
মন কৰিবলগীয়া কথা যে কিছুদিন আগতে ৰাজ্যৰ একাংশ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈও স্কুটী লাভৰ পৰা বঞ্চিত হৈছিল। যাৰ বাবে স্কুটী বিতৰণ কাৰ্যসূচীত বঞ্চিত ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
এনেবোৰ বিসংগতিৰ পাছতো শিক্ষা বিভাগে প্ৰদৰ্শন কৰা এনে দায়িত্বহীনতাই স্তম্ভিত কৰিছে সকলোকে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|