• Home
  • »
  • News
  • »
  • assam
  • »
  • বিধানসভাত সুৰা আৰু গাখীৰ ! কাৰোবাক যদি উত্তৰ লাগে কেনেকৈ চলিছে সুৰাৰ Online Delivery, আন কাৰোবাক সমগ্ৰ অসমতে লাগে গাখীৰৰ ATM...

বিধানসভাত সুৰা আৰু গাখীৰ ! কাৰোবাক যদি উত্তৰ লাগে কেনেকৈ চলিছে সুৰাৰ Online Delivery, আন কাৰোবাক সমগ্ৰ অসমতে লাগে গাখীৰৰ ATM...

Image-shutterstock.com

Image-shutterstock.com

চলি আছে বিধানসভাৰ বাজেট অধিৱেশন ৷ এজন বিজেপি বিধায়কক লাগে সুৰাৰ অনলাইন ব্যৱস্থাৰ বিতং তথ্য আৰু আনজনক লাগে গাখীৰৰ ATM ব্যৱস্থাৰ খবৰ ৷

  • Share this:
চলি আছে বিধানসভাৰ বাজেট অধিৱেশন ৷ বাজেট অধিৱেশনৰ এই সময়ছোৱাত বিভিন্ন জনপ্ৰতিনিধিয়ে সমষ্টি উন্নয়ণৰ লগতে ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়ণকো প্ৰাধান্য দি উত্থাপন কৰিছে বিভিন্ন প্ৰশ্ন ৷ বুধবাৰে শাসকীয় দলৰ দুজন বিধায়কে উত্থাপন কৰিলে দুটা ভিন্ন প্ৰসংগ ৷ যি দুটাৰ ৰাহি যোৰা নাহে ইটোৰ লগত সিটোৰ ৷

এজন বিজেপি বিধায়কক লাগে সুৰাৰ অনলাইন ব্যৱস্থাৰ বিতং তথ্য আৰু আনজনক লাগে গাখীৰৰ ATM ব্যৱস্থাৰ খবৰ ৷ বিধায়ক দুজন আন কোনো নহয়, এজন হৈছে পাহাৰৰ বিধায়ক বিদ্যাছিং ইংলেং আৰু আনজন হৈছে বিজেপিৰে জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন ৷ বিধায়ক বিদ্যাছিং ইংলেঙক লাগে অনলাইন মদৰ বতৰা ৷ আবকাৰী মন্ত্ৰীক বিধায়কজনে সুধিছে,'ৰাজ্যত সুৰাৰ অনলাইন ব্যৱস্থা চলি আছেনে? যদি চলি আছে কেতিয়াৰ পৰা চলি আছে তাৰ বিতং তথ্য সদৰি কৰিব লাগে সদনত ৷ সুৰাৰ অনলাইন ব্যৱস্থাৰ বাবে পৃথককৈ লাইচেন্স লোৱাৰ প্ৰয়োজন হ'ব নেকি? কি প্ৰক্ৰিয়াৰে ক'ত কেনেকৈ যোগাযোগ কৰিব লাগিব? ৰাজ্যত বৰ্তমান কোন কোন জিলাত এই ব্যৱস্থা হৈছে? কোন কোন প্ৰতিষ্ঠানে এই কাম লাভ কৰিছে? অনলাইনত সুৰা ল'লে MRPত ক্ৰয় কৰিব নে গ্ৰাহকে নে অধিক দাম ভৰিব লাগিব ৷ ক'ত আৰু কেনেকৈ যোগাযোগ কৰিলে গ্ৰাহকে অনলাইনত ক্ৰয় কৰিব পাৰিব সুৰা?' একমাত্ৰ সুৰাপায়ী গ্ৰাহকসকলৰ বাবেই হয়তো এই প্ৰসংগ বিধানসভাৰ মজিয়ালৈ আনিলে বিধায়জনে!

ইফালে সুৰাৰ লগত ৰাহি যোৰা নহা এক বিষয় উত্থাপন কৰিলে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে, প্ৰশান্ত ফুকনক লাগে গাখীৰৰ ATM ৷ "গাখীৰ আমাৰ প্ৰত্যেকৰে নিতান্ত্যই প্ৰয়োজনীয় ৷ গাখীৰৰ ATMহ'লে সকলো লাভান্বিত হ'ব ৷ মই দাবী কৰিব পাৰো, লেক্টোমিটাৰ দি জুখিলে ATMত উপলব্ধ গাখীৰৰ শুদ্ধতা সকলোৱে বুজিব ৷ ডিব্ৰুগড়ত ইতিমধ্যে পাঁচটালৈ বৃদ্ধি গাখীৰৰ ATM ব্যৱস্থা ৷ দাম বেছি হ'ব ২০টকা ৷ কিন্তু ৬০টকা দি গাখীৰৰ নামত পানী খোৱাতকৈ বিশুদ্ধ গাখীৰ খাওক ৮০টকা ব্যয় কৰি ৷ সমগ্ৰ অসমত এই ব্যৱস্থা হ'ব লাগে ৷"—প্ৰশান্ত ফুকন
Published by:Kokil Sarma
First published: