ৰঙিয়া বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ব্যতিক্ৰমী পোচাক পিন্ধি প্ৰবেশ কৰিছে অসম বিধান সভাৰ অধিবেশনত।
ৰঙিয়া বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ব্যতিক্ৰমী পোচাক পিন্ধি প্ৰবেশ কৰিছে অসম বিধান সভাৰ অধিবেশনত।
ৰঙিয়া বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ব্যতিক্ৰমী পোচাক পিন্ধি প্ৰবেশ কৰিছে অসম বিধান সভাৰ অধিবেশনত। পঞ্চদশ অসম বিধান সভাৰ প্ৰথমখন বাজেট অধিবেশনৰ তৃতীয়টো দিনত ধুতি, পাঞ্জাৱী আৰু ডিঙিত বড়ো সম্প্ৰদায়ৰ আৰনাইলৈ সদনত প্ৰবেশ কৰে বিধায়ক ভৱেশ কলিতাই।
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ব্যতিক্ৰমী পোচাক চৰ্চাৰ বিষয় হয় দিশপুৰৰ বাহিৰে ভিতৰে। উল্লেখযোগ্য যে চলিত অধিবেশনৰ প্ৰথম দিনাৰ পৰাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে শাসকীয় মিত্ৰজোটৰ বিধায়ক সকলে প্ৰথম দিনা অসমীয়াৰ স্বভিমান গামোচা, দ্বিতীয় দিনা মৰান সম্প্ৰদায়ৰ গামোচা আৰু বুধবাৰে অৰ্থাৎ তৃতীয় দিনা বড়ো সম্প্ৰদায়ৰ আৰনাই ডিঙিত লৈ প্ৰবেশ কৰিছিল পবিত্ৰ সদনৰ মজিয়াত। সেয়ে বুধবাৰৰ দিনটোত ভৱেশ কলিতাৰ ডিঙিতো দেখা গৈছিল কমলা ৰঙৰ আৰনাই। ৰঙিয়া বিধান সভা সমষ্টিৰ পৰা ২০১৬ চনত আৰু ২০২১ চনৰ বিধান সভা নিৰ্বাচনত বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা ভৱেশ কলিতাই চতুৰ্দশ বিধান সভাৰ অধিবেশনৰ সময়তো ধুতি ,পাঞ্জিৱী কুৰ্তা আৰু ডিঙিত গামোচা পিন্ধি আহিছিল। ভৱেশ কলিতাৰ বুধবাৰৰ পোচাক বিশেষকৈ দক্ষিনাত্যৰ ৰাজনৈতিক নেতাৰ ষ্টাইলত ধুতি পিন্ধাত তেওঁ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মুখ্যমন্ত্ৰীত্বৰ কালত কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা ভৱেশ কলিতাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰত মন্ত্ৰিত্ব লাভ কৰা নাই যদিও শেহতীয়াকৈ তেওঁ লাভ কৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব। ৰাজ্যিক সভাপতিৰ দায়িত্ব লোৱাৰ পিছতে পোৱা প্ৰথমখন বাজেট অধিবেশনত এইপৰ্য্যন্ত আটাইকেইটা দিনতে উপস্থিত থাকে ভৱেশ কলিতাই। বুধবাৰেও বিশেষ ষ্টাইলত সদনলৈ অহা ভৱেশ কলিতাই ধুতি পিন্ধাৰ আঁৰত অন্য কোনো কথা নাই বুলি কয়। বিধায়ক ভৱেশ কলিতাই লগতে কয় যে তেওঁ মাজে সময়ে এনেদৰে ধুতি আৰু পাঞ্জাৱী পিন্ধি অসম বিধান সভাৰ অধিবেশনলৈ আহে। মুঠৰ ওপৰত অসম বিধান সভাত বুধবাৰৰ দিনটোত ব্যতিক্ৰমী পোচাক পিন্ধি চৰ্চিত হয় ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|