মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ? আনুষ্ঠআনিকভাৱে দপ্তৰ বিতৰণ কৰা হোৱা নাই য়দিও ইয়াকে লৈ চলি আছে বহু গুণা-গথা। এখন সম্ভাব্য তালিকা আহি পৰিছে আমাৰ হাতত। এই তালিকা অনুসৰি দপ্তৰ বিতৰণ কৰা হৈছে এই ধৰণে-
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : গৃহ, গড়কাপ্টানি বিভাগ, পাৰ্চনেল বিভাগ আৰু বিতৰণ নকৰা অন্য সকলো বিভাগ।
অজন্তা নেওগ : বিত্ত আৰু সমাজ কল্যাণ বিভাগ।
ৰণজিৎ কুমাৰ দাস : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ।
চন্দ্ৰমোহন পাটোৱাৰী : পৰিবহণ, উদ্যোগ আৰু বাণিজ্য, দক্ষতা বিকাশ আৰু সংখ্যালঘূ উন্নয়ন।
অতুল বৰা : কৃষি, উদ্যান শস্য, পশুপালন, সীমান্ত উন্নয়ন আৰু অসম চুক্তি ৰূপায়ণ বিভাগ।
কেশৱ মহন্ত : স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য-প্ৰযুক্তি বিভাগ।
পৰিমল শুক্লবৈদ্য : আবকাৰী, বন আৰু পৰিবেশ, মীন বিভাগ।
পীয়ূষ হাজৰিকা : জলসম্পদ, জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগ।
ডাঃ ৰণোজ পেগু : শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন(Non BTC)।
উৰ্খাও গৌৰা ব্ৰহ্ম : হস্ততাত-বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন(BTC)।
অশোক সিংঘাল : গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন, জলসিঞ্চন বিভাগ।
যোগেন মহন : ৰাজহ আৰু দুৰ্যোগ প্ৰশমন, পাৰ্বত্য এলেকা উন্নয়ন, খনি আৰু খনিজ সম্পদ বিভাগ।
সঞ্জয় কিষাণ : শ্ৰম আৰু নিয়োগ, চাহ জনগোষ্ঠী উন্নয়ন।
বিমল বৰা : শক্তি, পৰ্যটন, সাংস্কৃতিক পৰিক্ৰমা আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ।
এই সম্ভাব্য তালিকাখন ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|