உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • MLA Akhil Gogoi : তিনি মাহৰ ভিতৰত অসমৰ সকলো লোকক ভেকচিন প্ৰদান কৰক। কাৰাবন্দী বিধায়ক অখিল গগৈৰ চৰকাৰলৈ পত্ৰ।

    MLA Akhil Gogoi : তিনি মাহৰ ভিতৰত অসমৰ সকলো লোকক ভেকচিন প্ৰদান কৰক। কাৰাবন্দী বিধায়ক অখিল গগৈৰ চৰকাৰলৈ পত্ৰ।

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এতিয়া অগ্নি পৰীক্ষা। কেবিনেটত সিদ্ধান্ত ঠিকেই গ্ৰহণ কৰিছে, কিন্তু বাস্তৱত সেয়া কাৰ্যকৰী হোৱা নাই : অখিল গগৈ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এতিয়া অগ্নি পৰীক্ষা। কেবিনেটত সিদ্ধান্ত ঠিকেই গ্ৰহণ কৰিছে, কিন্তু বাস্তৱত সেয়া কাৰ্যকৰী হোৱা নাই : অখিল গগৈ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এতিয়া অগ্নি পৰীক্ষা। কেবিনেটত সিদ্ধান্ত ঠিকেই গ্ৰহণ কৰিছে, কিন্তু বাস্তৱত সেয়া কাৰ্যকৰী হোৱা নাই : অখিল গগৈ

    • Share this:
    তিনি মাহৰ ভিতৰত অসমৰ সকলো লোকক ভেকচিন প্ৰদান কৰিবলৈ  ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, বিত্ত মন্ত্ৰীলৈ আহ্বান শিৱসাগৰৰ কাৰাবন্দী বিধায়ক অখিল গগৈৰ। কাৰাগাৰৰ পৰা চৰকাৰলৈ পত্ৰ প্ৰেৰণ বিধায়ক গগৈৰ।

    কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত বাস্তৱত কাৰ্যকৰী হোৱা নাই বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এতিয়া অগ্নি পৰীক্ষা বুলি কয় বিধায়ক গগৈয়ে।

    আনহাতে স্বাস্থ্য বিভাগটোক শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য, দুটা ভাগত ভাগ কৰিবলৈ অখিল গগৈৰ পৰামৰ্শ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তলৈ।

    ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক বিনামূলীয়া অতিৰিক্ত ৰেচন প্ৰদানৰ দাবী অখিলৰ।চাউল, দাইল, আলু, মিঠাতেল প্ৰদানৰ দাবী। একেদৰে দুৰ্যোগ পীডি়ত পৰিয়ালক ৩ ৰ পৰা ৪ মাহলৈ ৫ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ দাবী।

    চৰকাৰে দ্বীতিয় পৰ্যায়ৰ কোভিডৰ ঢৌৰ বাবে সজাগ নোহোৱা বাবেই আজি এই দুৰ্যোগৰ অৱস্থা  বুলি কয় অখিল গগৈয়ে।

    প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচন কৰি এই পত্ৰত চেণ্ট্ৰেল ভিষ্টাৰ নিৰ্মাণ কাম স্থগিত ৰাখি এতিয়া দেশবাসীক সহজলভ্য, সাৰ্বজনীন, বিনামূলীয়া কোভিড ভেকচিন প্ৰদান কৰাৰ দাবী বিধায়ক গগৈৰ।

    ৰাজ্যত কোভিড পৰীক্ষা বৃদ্ধি কৰাৰ দাবী জনাই কোভিড পৰীক্ষা গাঁৱে-ভূঞে বৃদ্ধি নকৰিলে অসমবাসী সহজে কোভিডৰ সংহাৰৰ পৰা উদ্ধাৰ নহ’ব বুলি মত প্ৰকাশ কৰে বিধায়ক গগৈয়ে।

    কাৰাগাৰৰ পৰা পত্ৰৰ জড়িয়তে এই মন্তব্য বিধায়ক অখিল গগৈৰ।
    Published by:Manjumoni Borah
    First published: